08
Nov
2018

হাৰাৰেঃ জিম্বাৱেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত বুধবাৰে ৪৭ জন যাত্ৰীৰ মৃত্যু হয়।
ৰাজধানী চহৰ হাৰাৰে আৰু ৰুপাছে নামৰ চহৰখন সংযোগী ঘাইপথত এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়।
দেশখনৰ চৰকাৰী কাকত ’হেৰাল্ড’ৰ মতে ঘটনাস্থলীৰপৰা যুগুতোৱা ছবিসমূহত বহু বেছি গ্ৰাফিকছ ব্যৱহাৰ কৰি ঘটনাটো অধিক ভয়ংকৰ কৰি দেখুওৱা হৈছে।