ডিজিটেল ডেস্কঃ অসমৰ বিহুমঞ্চত হিন্দী গীত পৰিৱেশন কৰি শেহতীয়াকৈ বিতৰ্কৰ শীৰ্ষলৈ অহা হাৰ্টথ্ৰৱ জুবিনে কঢ়িয়াই আনিলে বিশেষ সন্মান৷ অসমীয়া ভাষাৰ লগতে বাংলা ভাষাতো গীত গাই পশ্চিমবংগ, আনকি বাংলাদেশতো জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী জুবিন গাৰ্গে লাভ কৰিছে দেশৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ স্বীকৃতি।
‘দ্যা টপ টেইনছ’ নামৰ এটা ৱেবছাইটৰ সমীক্ষাত এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে দুটা দশক ধৰি নিৰবিচ্ছিন্নভাৱে সংগীতৰে শ্ৰোতাক আকৃষ্ট কৰি অহা শিল্পীজনে৷ অনলাইন ভোটিং ব্যৱস্থাৰ জৰিয়তে হোৱা এই প্ৰতিযোগিতাত দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰিছে শিল্পীজনে৷