অসমত এতিয়া হিতাধিকাৰীৰ সংখ্যা বাঢ়িছে। অৰুণোদয় আঁচনিৰ ধনৰ পৰা মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন যোজনালৈকে চৰকাৰী আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰে ভৰি আছে অসমৰ গাঁও আৰু চহৰ। এই হিতাধিকাৰীৰ তালিকাতে শেহতীয়াকৈ চৰকাৰে আন দুটা বিশিষ্ট শ্ৰেণীক অন্তৰ্ভূক্ত কৰাক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰথমে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষক সকলক হিতাধিকাৰী বুলি অভিহিত কৰাৰ এদিন পিছতে শিল্পী সকলকো হিতাধিকাৰী বুলি অভিহিত কৰে সাংস্কৃতিক সঞ্চালকালয়ে। ইয়াৰ পিছতে শিক্ষক, শিল্পী আৰু সাধাৰণ নাগৰিক বহুতে সমাজৰ দুটা সন্মানীয় শ্ৰেণীক হিতাধিকাৰী সজোৱাক লৈ ক্ষোভ ব্যক্ত কৰে।

দৰাচলতে দেওবাৰে নলবাৰীত অমৃত কলহ যাত্ৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত সংবাদ মাধ্যমৰে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী আখ্যা দিছিল শিক্ষকসকলক। প্ৰসংগ আছিল শিক্ষকৰ মাজত স্কুটী বিতৰণ। ৰাজ্যত বৰ্তমান শিক্ষকতা কৰি থকা শিক্ষকসকলৰ ৮০ শতাংশকে হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে নিযুক্তি দিয়া বুলি দাবী কৰি কৈছিল, 'শিক্ষকসকলো আমাৰ হিতাধিকাৰীয়েই।’ 

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত বহু শিক্ষক-অধ্যাপকে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰি স্পষ্ট কৰি দিয়ে যে শিক্ষকসকল হিতাধিকাৰী নহয়। কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, সদৌ অসম ছাত্ৰ সন্থা আদি ৰাজনৈতিক আৰু আঞ্চলিক দল-সংগঠনেও মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰে।

কিন্তু বিতৰ্ক কেৱল এয়াই নাছিল। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এদিন পিছতে অৰ্থাৎ সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে অসম শিল্পী পেঞ্চনৰ বাবে আবেদন বিচাৰি প্ৰকাশ কৰে এক বিজ্ঞাপন। এই বিজ্ঞাপনতো শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিব বিচৰা শিল্পীসকলক হিতাধিকাৰী বুলি উল্লেখ কৰাক লৈ পুনৰ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিল্পী সমাজক সাংস্কৃতিক সঞ্চালকালয়ে কৰা এনে চৰম অপমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৰাজ্যৰ কেইবাগৰাকীও নবীন-প্ৰবীণ শিল্পী তথা বিশিষ্ট ব্যক্তি।

হিতাধিকাৰী কোন?

হিতাধিকাৰী, যাক ইংৰাজীত বেনিফিচেৰী বুলিও কোৱা হয়- ইয়াৰ অৰ্থই সাধাৰণতে সেইসকল ব্যক্তি বা গোটক বুজায়, যিয়ে বিনামূলীয়াকৈ চৰকাৰ বা কোনো সংস্থাৰ পৰা সাহায্য লাভ কৰে। অক্সফৰ্ড লাৰ্নাৰ্ছ অভিধানৰ মতে, কোনো এটা বস্তুৰ পৰা লাভজনক বা সহায়ক কোনো সম্পদ পোৱা ব্যক্তিক বেনিফিচেৰী বুলি কোৱা হয়। কোনোবাই যদি এজন ব্যক্তিক টকা বা অন্য কোনো উপহাৰ প্ৰদান কৰে, তেন্তে তেওঁলোকৰ দয়াৰ পৰা ব্যক্তিজন লাভাম্বিত হ’ব। অৰ্থাৎ তেওঁ হিতাধিকাৰী। অথবা যদি কোনো ব্যক্তিয়ে মৃত্যুৰ পূৰ্বে যদি তেওঁৰ উইলত এজন ব্যক্তিৰ নামত সম্পত্তি বা ধন এৰি থৈ যায়, তেন্তে সেই ব্যক্তিজন মৃত ব্যক্তিজনৰ উইলৰ হিতাধিকাৰী বুলি বিবেচিত হব। হিতাধিকাৰী যে কেৱল ব্যক্তিয়েই হব পাৰে তেনে নহয়, কোনো সংস্থাও হিতাধিকাৰী হব পাৰে।

হিতাধিকাৰী শব্দটো সাধাৰণতে ব্যৱহাৰ হয় চৰকাৰী আঁচনিৰ লাভাৰ্থীৰ ক্ষেত্ৰত। প্ৰতিখন চৰকাৰেই নিজৰ নিজৰ শাসনকালত বিভিন্ন ধৰণৰ আঁচনি প্ৰণয়ন কৰি তাৰ লাভ সাধাৰণ জনতাক প্ৰদান কৰে, আৰু সেই আঁচনি সমূহৰ পৰা লাভাম্বিত হোৱা সাধাৰণ জনতাকে হিতাধিকাৰী বুলি কোৱা হয়। চৰকাৰে আঁচনিৰ জৰিয়তে হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত কেতবোৰ যোগ্যতাৰ মাপকাঠীও প্ৰস্তুত কৰে।  যেনে- দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে গৰীৱ অন্ন যোজনা, বিধৱা আৰু বৃদ্ধসকলৰ বাবে বিধৱা আৰু বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা, আৰ্থিকভাৱে দুৰ্বল নিবনুৱাসকলৰ বাবে আত্ননিৰ্ভৰ যোজনা আদি। 

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, হিতাধিকাৰী সৃষ্টি কৰাটো চৰকাৰৰ ভোট বেংকৰ ৰাজনীতিৰে এক অংশ। বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা লাভান্বিত কৰোৱাই চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি ভোটাৰৰ মাজত নিজৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ বৃদ্ধি কৰে আৰু পৰৱৰ্তী সময়ত নিৰ্বাচনত সেয়া ফলপ্ৰসূ প্ৰমাণিত হয়। ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এয়া আছিল স্পষ্ট হিতাধিকাৰী সৃষ্টিৰ প্ৰতিশ্ৰুতি। নিৰ্বাচনত এই প্ৰতিশ্ৰুতিয়ে বিজেপিক যোগাত্মকভাৱে সহায় কৰে আৰু দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

বৰ্তমানো চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰণয়ন কৰি প্ৰতিদিনে ন ন হিতাধিকাৰীৰ সৃষ্টি কৰি আহিছে। তথ্য অনুসৰি অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ সংখ্যা হৈছে ২২ লাখ পৰিয়াল। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ১০.৫৪ লাখ নতুন হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ ঘোষণা কৰিছিল। অৰ্থাৎ অসমত কেৱল অৰুণোদয় আঁচনিৰে অন্তৰ্ভুক্ত হিতাধিকাৰীৰে সংখ্যা হবগৈ ২৭.৬১ লাখ। এই হিতাধিকাৰীসকলক আঁচনিৰ অধীনত প্ৰতিমাহে চৰকাৰে প্ৰদান কৰে ১২৫০ টকাকৈ।

সেইদৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ১.৫ লাখ, অটল অমৃত অভিযান স্বাস্থ্য বীমাৰ অধীনত ১০ লাখ, মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত ৫ লাখকে ধৰি অলেখ হিতাধিকাৰী চৰকাৰে ইতিমধ্যে সৃষ্টি কৰিছে। বাতৰি অনুসৰি ৰাজ্যৰ ৩.৬৪ কোটি লোক চৰকাৰৰ কোনো নহয় কোনোখন আঁচনিৰ হিতাধিকাৰী।

শিক্ষকসকল হিতাধিকাৰী হয়নে?

১৩ অক্টোবৰত নৱম শ্ৰেণীৰ মাজত চাইকেল বিতৰণৰ এক কাৰ্য্যসূচীত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চৰকাৰী আঁচনিৰ অধীনত শিক্ষকৰ মাজতো বিতৰণ কৰা হ’ব স্কুটী। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে, কৰ্মক্ষেত্ৰৰ পৰা দূৰৈত থকা শিক্ষকসকলে যাতে সময়মতে আহি স্কুল পাব পাৰে, তাৰ বাবে ৫০ হাজাৰ শিক্ষকৰ মাজত স্কুটী বিতৰণৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ মাজতে ৰাজ্যত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। ১৫ অক্টোবৰত মুখ্যমন্ত্ৰীৰ নলবাৰী ভ্ৰমণৰ সময়ত সাংবাদিকে এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “শিক্ষকসকল এনেও আমাৰ হিতাধিকাৰী। আমিয়েই নিযুক্তি দিছো। শিক্ষক এজনক যদি ছাত্ৰক পঢ়াবৰ কাৰণে আমি যদি স্কুটী এখন দিব পাৰো, তাতে বেয়া পাবলগীয়া কি আছে? বেয়া পোৱাসকলে নিজেও শিক্ষক হৈ লওক।’’

মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয়, “আজি অসমত যিমান শিক্ষক হৈ আছে, তাৰ ৮০ শতাংশ শিক্ষক মোৰ হাতেৰেই নিযুক্ত। যদি হ’ব লাগে, তেন্তে তেওঁলোক আগৰ পৰাই হিতাধিকাৰী, যদি নহ’ব লাগে তেন্তে আগৰ পৰাই নহয়। যদি চাকৰি দিওতে হিতাধিকাৰী হোৱা নাই, তেন্তে স্কুটী দিওতে হিতাধিকাৰী হ’ব নেকি? ”

ডক্তৰেট ডিগ্ৰীধাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সূত্ৰপাত ঘটে বিতৰ্কৰ। বহুতেই প্ৰশ্ন কৰে- মুখ্যমন্ত্ৰীয়ে সদম্ভে কোৱাৰ দৰে তেওঁৰ বাবেই শিক্ষকতাৰ চাকৰি লাভ কৰিছে নেকি ৰাজ্যৰ বৰ্তমানৰ ৮০ শতাংশ শিক্ষকে? শিক্ষক হ’বলৈ মেধা আৰু যোগ্যতাৰ প্ৰয়োজন নাই নেকি?

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন (ইউডিএছই)ৰ শেহতীয়া তথ্য অনুসৰি ২০২০-২১ চনলৈকে অসমৰ ৪৮,৯১৭খন চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰা মুঠ শিক্ষকৰ সংখ্যা হৈছে ১,০২,২৯৯ গৰাকী। মুখ্যমন্ত্ৰীয়ে কৰা দাবী যদি সঁচা হয়, তেন্তে ইয়াৰে প্ৰায় ৮০ হাজাৰ শিক্ষকক তেঁৱেই নিযুক্তি প্ৰদান কৰা আৰু এই ৮০ হাজাৰ শিক্ষকে কিহৰ ভিত্তিত নিযুক্তি লাভ কৰিছিল? তাক লৈয়ো উত্থাপন হৈছে প্ৰশ্নৰ।

প্ৰাক্তন শিক্ষাবিদ বীৰেন্দ্ৰ কুমাৰ নাথে কয়, “শিক্ষক হোৱাটো সাধাৰণ কথা নহয়। ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ নিজেও শিক্ষকে অধ্যয়ন কৰিবলগীয়া হয়। টেট, বি,এড, ডিইএলডি, চিটিইটি আদি বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ পিছতহে শিক্ষক হব পাৰি। ইয়াৰ মাজতো অৱশ্যে ৰাজনৈতিক প্ৰভাৱৰ বাবে দুই-এজনে শিক্ষকতাৰ বৃত্তিটো লাভ কৰে। কিন্তু অতি কম সংখ্যক তেনে শিক্ষকক বাদ দি বাকী আন আন শিক্ষকে নিজৰ মেধা আৰু যোগ্যতাৰ বলতহে শিক্ষকতা কৰাৰ সুযোগ লাভ কৰে। গতিকে কোনো মন্ত্ৰীয়ে শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিলেই সেই শিক্ষকসকলে তেওঁৰ বাবে চাকৰি লাভ কৰা নুবুজায়।’’

ইউডিআইএছইৰ তথ্য অনুসৰি অসমত ২০২০-২১ চনলৈকে নিম্ন প্ৰাথমিক (এলপি) আৰু উচ্চ প্ৰাথমিক (ইউপি) বিদ্যালয়ত মুঠ ১০,২৯৯টা শিক্ষকৰ পদ খালী হৈ আছে। ইয়াৰে ৩৮৮৭টা এল পি শিক্ষকৰ আৰু ৬৪১২টা ইউ পি শিক্ষকৰ। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু বিদ্যালয়ত শিক্ষাৰ্থী অনুসৰি শিক্ষকৰ অভাৱৰ ফলত এজন-দুজন শিক্ষকৰ ওপৰতে বিদ্যালয়ৰ পাঠদানৰ দায়িত্ব নিৰ্ভৰ কৰে। অন্যহাতে নিয়োজিত বহু শিক্ষকে মাহৰ মূৰত লাভ নকৰে দৰমহাৰ টকা কেইটাও। যাৰ বাবে কঠোৰ জীৱন যুদ্ধ চলাবলগীয়া হয় বহু শিক্ষকে।  সংবাদ সস্থা ‘দ্য ৱায়াৰ’ৰ এক প্ৰতিবেদন অনুসৰি ২০১৮ চনত অসমত কমেও ১৭ গৰাকী শিক্ষকে বিনা বেতনৰ সৈতে জড়িত বিভিন্ন কাৰণত মৃত্যুক সাবতি ল’বলগীয়া হৈছিল।

শেহতীয়াকৈ চৰকাৰে শিক্ষকসকলক অনাশৈক্ষিক কাৰ্যত জড়িত কৰাই নগুৰ নাকটি কৰাৰো অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত শিক্ষকৰ দুৰ্দশাৰ খবৰ নৰখা চৰকাৰে স্কুটী বিতৰণ কৰি শিক্ষকক হিতাধিকাৰী সজাবলৈ চেষ্টা কৰা কাৰ্যই বহু শিক্ষককে ক্ষুব্ধ কৰি তুলিছে। সামাজিক মাধ্যমত সেয়ে মুকলিকৈ চৰকাৰৰ সিদ্ধান্তৰ সমালোচনা কৰিবলৈ বাধ্য হৈছে তেওঁলোক।

সামাজিক মাধ্যমত একাংশ শিক্ষকে লিখিছে, ‘চৰকাৰে শিক্ষকক স্কুটী বিতৰণ কৰাৰ প্ৰয়োজন নাই। মাহৰ মূৰৰ কষ্টৰ দৰমহা কেইটা সময়মতে দিলেই শিক্ষকে নিজেই ইনষ্টলমেন্টত হলেও স্কুটী ক্ৰয় কৰি ল’ব পাৰিব।’ একাংশই আকৌ লিখিছে, ‘চৰকাৰে শিক্ষকক স্কুটী বিতৰণৰ পৰিৱৰ্তে খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰ্ণ কৰাৰ কথা চিন্তা কৰক।‘

অৱসৰপ্ৰাপ্ত শিক্ষক ৰমণীকান্ত শৰ্মাই কয়, “ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বা স্কুটী বিতৰণ কৰাটো ভাল কথা। কিন্তু শিক্ষকৰ মাজত স্কুটী বিতৰণৰ সিদ্ধান্ত অলপ আচহুৱা। মই ভাৱো প্ৰতিগৰাকী চৰকাৰী শিক্ষকৰে কম দামৰ হলেও এখন গাড়ী কিনাৰ সামৰ্থ্য আছে।’’

উল্লেখ্য যে, অসমৰ গ্ৰামাঞ্চলত এনে বহু বিদ্যালয় আছে, যত শিক্ষক উপস্থিত হ’বলৈ প্ৰতিদিনেই এখন সংগ্ৰাম চলাবলগীয়া হয়। নৈ পাৰ হৈ, ভগা দলঙৰ ওপৰেৰে, কেঁচা আলিবাটৰ বোকা গচকি বহু শিক্ষকে প্ৰতিদিনে বিদ্যালয়লৈ গৈ পাঠদান কৰোৱাই আহিছে। এনেবোৰ কাৰণতে কেতিয়াবা শিক্ষকৰ বিদ্যালয়ত উপস্থিত হোৱাত পলমো হৈ আহিছে। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ মাজত স্কুটী বিতৰণ কৰি তেওঁলোকক ৯ বজাতে বিদ্যালয়ত উপস্থিত হ’বলৈ বাধ্য কৰোৱাতকৈ নদীবোৰৰ ওপৰৰত দলং নিৰ্মাণ কৰিলে, বোকাময় আলিবাটবোৰ পকী কৰিলে শিক্ষকসকলে নিজে নিজেই সঠিক সময়ত বিদ্যালয়ত উপস্থিত হ’ব পাৰিব বুলিও অনেকে এতিয়া মন্তব্য কৰিছে।

শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এখোপ ওপৰলৈ গৈ মন্তব্য কৰিছিল, 'সকলো চৰকাৰী কৰ্মচাৰীয়েই হিতাধিকাৰী।’ পূৰ্বেও ‘শিক্ষকৰ মূৰত মাল নাই’ বুলি কৈ এই সন্মানীয় বৃত্তিটোক অপমানিত কৰি ৰাজ্যজুৰি সমালোচিত হোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পুনৰ কৰা মন্তব্যই যেন জ্বলি থকা জুইকুৰাত ঘিউহে ঢালি দিয়ে। ৰাজ্যজুৰি পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে সামাজিক মাধ্যমত স্পষ্টীকৰণ প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

সামাজিক মাধ্যমত তেওঁ হিতাধিকাৰী শব্দটোৰ অৰ্থ ব্যাখ্যা কৰি লিখিছে, “একাংশ লোকে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যে অৰুণোদয়, ঋণ ৰেহাই, প্ৰধানমন্ত্ৰী আৱাস, কৃষক নিধি, চাইকেল আৰু স্কুটি পোৱা শিক্ষাৰ্থী, বৃদ্ধ পেন্সন আদি পোৱাসকল যেন কিবা অনুগ্ৰহ প্ৰাৰ্থী, যাক হিতাধিকাৰী কোৱা হয়। কিন্তু ‘হিতাধিকাৰী’ শব্দটোলৈ মন কৰক- ইয়াত ‘অধিকাৰ’ শব্দটো অন্তৰ্নিহিত হৈ আছে। কল্যাণকামী চৰকাৰৰ হিত কামৰ অধিকাৰী সকলোকেই হিতাধিকাৰী বা ইংৰাজীত beneficiary বুলি কোৱা হয়। বেংক, বীমা আদিতো প্ৰাপ্য ধন পাবলগীয়া ব্যক্তিসকলক হিতাধিকাৰী বা beneficiary বুলি কোৱা হয়। দৰমহাৰ ধন পোৱা ব্যক্তিক বেংকৰ ভাষাত হিতাধিকাৰী বা beneficiary বুলি কোৱা হয়। তদুপৰি আমাৰ বিদ্যুৎ বিলসমূহ ৰাজসাহায্যযুক্ত হোৱা বাবে আমি সকলোৱেই বজাৰ মূল্যতকৈ কম মূল্যত বিদ্যুৎ বিল দি চৰকাৰী হিতৰ অধিকাৰী বা হিতাধিকাৰী। চৰকাৰী কৰ্মচাৰী হিচাপে ‘আপোন ঘৰ’ আঁচনি আদিৰ দৰে কল্যাণমূলক আঁচনিৰ হিত লাভ কৰিও আমি হিতাধিকাৰী।’’

ফটোঃ শিক্ষামন্ত্ৰীৰ ফেচবুক পোষ্টটো

শিল্পীসকলো হেনো হিতাধিকাৰী!

শিক্ষকক হিতাধিকাৰী সজাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিতৰ্ক মাৰ নৌযাওতেই সোমবাৰে সাংস্কৃতিক সঞ্চালকালয়ে প্ৰকাশ কৰিছিল এক বিজ্ঞাপন। এই বিজ্ঞাপনৰ জৰিয়তে ৰাজ্যৰ শিল্পী সকলৰ পৰা আবেদন বিচৰা হৈছিল অসম শিল্পী পেঞ্চনৰ বাবে। সাংস্কৃতিক সঞ্চালকালয়ে দুটাকৈ ৱেবচাইট মুকলি কৰি দি ৩ নৱেম্বৰৰ মাজনিশাৰ ভিতৰত শিল্পীসকলক পেঞ্চনৰ বাবে আবেদন জমা দিবলৈ আহ্বান জনাইছিল। 

এই বিজ্ঞাপনতে পেঞ্চনৰ বাবে আবেদন কৰিব বিচৰা শিল্পীসকলক অভিহিত কৰা হৈছিল হিতাধিকাৰীৰূপে। আজীৱন শিল্প সাধনা কৰি অহা ৰাজ্যৰ সন্মানীয় শিল্পীসকলকো চৰকাৰে শিক্ষকক সজোৱাৰ দৰে হিতাধিকাৰী সজাবলৈ চেষ্টা কৰা কাৰ্যই ক্ষুব্ধ কৰি তোলে শিল্পী সমাজক। বহু কেইগৰাকী শিল্পীয়ে স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰে। 

অসমীয়া বোলছবি জগতৰ বৰ্ষীয়ান অভিনেতা বিষ্ণু খাৰঘৰীয়াই কয়, “শিল্পীসকলক হিতাধিকাৰী সজোৱাটো উচিত নহয়।” কণ্ঠশিল্পী বিপিন চাউদাঙেও শিল্পীক হিতাধিকাৰী অভিহিত কৰা কাৰ্যৰ বিৰোধিতা কৰি কয় যে শিল্পীসকলে বছৰ বছৰ ধৰি সাধনা কৰে, শিল্পকৰ্মৰ বাবে নিজৰ সৰ্বস্ত ত্যাগ কৰে। তেওঁলোক হিতাধিকাৰী কোনোপধ্যেই নহয়।

বিশিষ্ট লেখক ময়ূৰ বৰায়ো NNO-এ সোধা প্ৰশ্নৰ উত্তৰত কয়, “শিক্ষক আৰু শিল্পী এই দুয়োগৰাকীয়েই সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে সন্মানৰ যোগ্য। তেওঁলোকৰ বাবে হিতাধিকাৰী শব্দটো ব্যৱহাৰ কৰাটো অশোভনীয়।”

নাট্যকাৰ, অভিনেতা তথা পৰিচালক হিমাংশু প্ৰসাদ দাসে NNOৰ আগত কয়, “শিক্ষক আৰু শিল্পীক চৰকাৰৰ দ্বাৰা অপমান কৰাটো নতুন কথা নহয়। কিন্তু এই নেতা-মন্ত্ৰীসকলেহে জনতাৰ কৰৰ টকাৰে চলি আছে, সেয়েহে তেওঁলোকহে প্ৰকৃত হিতাধিকাৰী। হিতাধিকাৰী সৃষ্টি কৰাটো চৰকাৰৰ বাবে কৃতিত্ব নহয়, লাজৰ বিষয়হে। এখন দেশত হিতাধিকাৰী থকা বুলি কোৱা মানে সেই দেশখন পিছ পৰি আছে। যদি চৰকাৰে হিতাধিকাৰী থকা বুলি কৈছে তেন্তে ইয়াৰ অৰ্থ হৈছে চৰকাৰখন ব্যৰ্থ হৈছে।’’

‘ক্ষমতাই মূৰত ধৰিছে চৰকাৰৰ’ 

শিল্পী আৰু শিক্ষকক চৰকাৰে হিতাধিকাৰী সজোৱাক লৈ প্ৰতিক্ৰিয়া বিচাৰি NNOৰ ফালৰ যোগাযোগ কৰা হৈছিল অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা দলৰ মুখপাত্ৰ মীৰা বৰঠাকুৰৰ সৈতে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ফোনতে কয়, “ক্ষমতাই চৰকাৰৰ মূৰত ধৰিছে বাবেই এনে আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে। বাহিৰৰ দেশবোৰত শিক্ষকসকলক বিশেষ মৰ্যাদা প্ৰদান কৰা হয়। জাপান আদিৰ দৰে দেশত শিক্ষকৰ বাবে বাছ- ট্ৰেইন আদিত সুকীয়া আসন থাকে, আৰু আমাৰ ইয়াত চৰকাৰে শিক্ষকক তুচ্ছ-তাচ্ছিল্য কৰি হিতাধিকাৰী সজাইছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰী সুবিধা লাভ কৰা সকলোৱেই হিতাধিকাৰী। তেন্তে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালেও যে চৰকাৰী সুবিধা লৈ আছে, তেওঁলোকো হিতাধিকাৰী।’’

অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে NNOৰ আগত কয়, “হিতাধিকাৰী মানে হৈছে হিতৰ অধিকাৰী। মোৰ দ্বাৰা যদি আপোনাৰ ভাল হৈছে তেন্তে আপুনি হিতাধিকাৰী। সেই দৃষ্টিভংগীৰ ফালৰ পৰা শিক্ষকসকল কেতিয়াবা হিতাধিকাৰী হ’ব পাৰে। কিন্তু কথাটো হ’ল- শিক্ষকসকলে জানো সঁচাকৈয়ে হিতৰ অধিকাৰী হৈছে, তেওঁলোকৰ প্ৰাপ্যবিলাক পাইছে আৰু ফ্ৰীতে পাইছে নেকি? তেওঁলোকে কাম কৰিছে আৰু তাৰ বিনিময়ত পাইছে। তেওঁলোক হিতাধিকাৰী নহয়।’’

ৰহমানে পুনৰ কয়, “হিতাধিকাৰী শব্দটোৰ প্ৰচলন হৈ থকাৰ কাৰণ হৈছে চৰকাৰে বিনামূলীয়াকৈ মানুহক সামগ্ৰী বিতৰণ কৰিছে আৰু তাৰ বিনিময়ত ভোট বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে হিতাধিকাৰীৰ সোঁতত বিৰোধী উটি যাব, বিৰোধীক কোনেও ভোট নিদিব। ইয়াৰ অৰ্থ এইটোৱেই যে মুখ্যমন্ত্ৰীয়ে ভোট পাবৰ কাৰণেহে হিতাধিকাৰীৰ সৃষ্টি কৰিছে। তেওঁ নিজ মুখেই এই কথা কৈছে। শিক্ষকে নিজৰ শ্ৰম দি তাৰ বিনিময়ত দৰমহা পাইছে, তেওঁলোকৰ বাবে হিতাধিকাৰীৰ দৰে তুচ্ছাৰ্থ শব্দ ব্যৱহাৰ কৰাটো শিক্ষকসকলৰ বাবে অপমানজনক।’’

“বাজপেয়ীয়ে কৈছিল- মানুহক বিনামূলীয়া আঁচনি দিব নালাগে”  

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকক হিতাধিকাৰী সজোৱা আৰু সাংস্কৃতিক সঞ্চালকালয়ে শিল্পীক হিতাধিকাৰী অভিহিত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ বাবে NNOৰ ফালৰ পৰা যোগাযোগ কৰা হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ সৈতে। টেলিফোনিক বাৰ্তালাপত শৰ্মাই কয়, “শিল্পী আৰু শিক্ষকসকল হৈছে সমাজৰ সন্মানীয় ব্যক্তি, গুৰুস্থানীয় ব্যক্তি। তেওঁলোকক হিতাধিকাৰী সজোৱাতো মোৰ মনঃপুত হোৱা নাই।’’ 

অশোক শৰ্মাই পুনৰ কয়, “বিজেপিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীয়ে পূৰ্বতে কৈছিল যে মানুহক বিনামূলীয়া আঁচনি দিব নালাগে। বিনামূলীয়া আঁচনিয়ে সমাজত আজি বিৰূপ প্ৰভাৱ পেলাইছে।’’ প্ৰাক্তন বিধায়কগৰাকীয়ে লগতে কয়, “মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী শব্দটোৰ ব্যৱহাৰ কৰাৰ সময়ত তেওঁৰ কাষত উপস্থিত থকা প্ৰশাসনিক বিষয়াসকলে এই কথাটো উনুকিয়াই দিয়া উচিত আছিল। শিল্পী আৰু শিক্ষকসকল সমাজৰ একেবাৰে সন্মানীয় ব্যক্তি। বিষয়াসকলে হিতাধিকাৰী শব্দটো ব্যৱহাৰ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব লাগিছিল। প্ৰশাসনিক বিষয়াসকল নেতা-মন্ত্ৰীৰ দ্বাৰা পৰিচালিত হ’লে বেয়া হয়।”

ফটোঃ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে ৮০ শতাংশ শিক্ষক নিযুক্তি প্ৰদান কৰা বুলি কৰা মন্তব্য প্ৰসংগত অশোক শৰ্মাই কয়, “মই শব্দটোৰ ওপৰত মই বেছি বিশ্বাসী নহয়। তেওঁ সেই সময়ত যদি মন্ত্ৰী হৈ নাথাকিলহেঁতেন, তেন্তে কেনেকৈ দিলেহেঁতেন, তেওঁতো নিজৰ ঘৰৰ পৰা এই নিযুক্তি দিয়া নাই। তেওঁ ‘মই নিযুক্তি দিছো’ বুলি কোৱাতকৈ ‘মই চৰকাৰত থকা সময়ত নিযুক্তি দিছো’ বুলি ক’লেহে ভাল হ’লহেঁতেন।”

প্ৰাক্তন বিধায়ক অশোক শৰ্মাই পুনৰ কয়, “আজিৰ সময়ত বিধায়িনী, কাৰ্যপালিকা, আনকি ন্যায়পালিকাও এটা যেনেই হৈছে। সেয়া আমাৰ সমাজখনৰ কাৰণে বহু ক্ষতিকাৰক হৈ পৰিছে। তাৰেই প্ৰমাণ হৈছে শিক্ষকসকলক হিতাধিকাৰী সজোৱাতো। মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী শব্দটো ব্যৱহাৰ কৰিব নালাগে বুলি সকিয়াই দিয়াৰ দায়িত্ব আছিল প্ৰশাসনৰ, কিন্তু প্ৰশাসনে এতিয়া বিনা বাক্যই মুখ্যমন্ত্ৰীয়ে যি কয় তাকেই মানি ল’বলগীয়া হৈছে।’’

‘মন্ত্ৰীৰ যোগ্যতা নিৰূপণ কৰিব কোনে?’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে সামাজিক মাধ্যমত ক্ষোভ ব্যক্ত কৰিছে এতিয়া একাংশ শিক্ষকে। চৰকাৰে হিতাধিকাৰী আখ্যা দিয়াৰ বিৰোধিতা কৰি বহুতেই সামাজিক মাধ্যমত লিখিছে পোষ্ট। অৰূপ কুমাৰ নাথে লিখিছে, “মই এজন শিক্ষক৷ হিতাধিকাৰী নহওঁ৷ বিশ্ববিদ্যালয়ৰ টপাৰ আছিলো৷ স্নাতকোত্তৰ প্ৰথম বৰ্ষতে নেট পাছ কৰি যোগ্যতাৰে চাকৰি পাইছো৷ মোৰ তিনিটা পদোন্নতিৰ চৈধ্যলাখ টকা বকেয়া হিচাপে পাবলৈ বাকী আছে৷ সমূহীয়া বকেয়াবোৰ বাদেই দিলো ৷ দৰমহাৰ বুজন অংক এটা কৰ হিচাপে দি আছো৷ তাৰপিছতো হিতাধিকাৰীৰ বদনাম কিয় ল'মহে?”

গল্পকাৰ বিপাশা বৰাই লিখিছে, ''যিসকল শিক্ষকৰ আত্মসন্মানবোধ আৰু নিজৰ মেধা-যোগ্যতাৰ ওপৰত পূৰ্ণ বিশ্বাস আছে, তেওঁলোকে সুসংগঠিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰল মন্তব্যৰ প্ৰতিবাদ কৰা উচিত। মই এনে বহু মেৰুদণ্ডহীন শিক্ষক লগ পাইছো, যি কাৰোবাৰ দয়াত চাকৰি পোৱা বুলি মনে-প্ৰাণে বিশ্বাস কৰে আৰু ভক্তিত গদগদ হৈ থাকে ৷ তেওঁলোকক লৈ ক’বলগীয়া একো নাই৷’’

যুৱ লেখক তথা অধ্যাপক পঞ্চানন হাজৰিকায়ো সামাজিক মাধ্যমত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। তেওঁ লিখিছে, “মই সদায়ে বিশ্বাস কৰোঁ যে, শিক্ষকতাও এক সামাজিক সক্ৰিয়তাৰ অংশ। নিজৰ মতাদর্শগত অৱস্থানৰ বাবে কৰ্মজীৱনত বিভিন্ন ধৰণৰ শক্তিৰ পৰা অহা চাপ আৰু হেঁচাৰ সৈতে যুঁজিছো। তাৰ পিছতো গভীৰ আত্মবিশ্বাসেৰে কম, মই শিক্ষক, হিতাধিকাৰী নহয়।"

সামাজিক মাধ্যমত আন এগৰাকী শিক্ষয়িত্ৰী গৰিমা দাসে শিক্ষক হিতাধিকাৰী নহয় হেচটেগৰে লিখিছে, “২০১৭ৰ ৩ ছেপ্টেম্বৰত শিক্ষকৰ চাকৰিৰ নিযুক্তি পত্ৰখন পাইছিলো। মেধা অথবা যোগ্যতাৰ ভিত্তিত চাকৰিটো পোৱা স্বত্বেও ভয় কৰিছিলো। সন্মান হেৰুওৱাৰ ভয়। অৱশ্যে শিক্ষক দেউতাৰ আদৰ্শেৰে শিক্ষকতা বৃত্তিৰ প্ৰতি নিষ্ঠাৰে কাম কৰি যাবলৈ সেই তেতিয়াৰ পৰাই দায়বদ্ধ হৈছিলো। আৰু, এতিয়ালৈ সেই একেই নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি আহিছো বুলি মূৰ তুলি কোৱাৰ সাহস কৰো। কথাবোৰ নতুন নহয়। এই যে কাৰোবাৰ মন গ'লেই কিবা এটা কৈ ভেঙুচালি কৰা কথাষাৰ কিবা এক গতানুগতিক কথা হোৱাৰ দৰেই হৈ আছে সমাজত। মন্ত্ৰীয়ে এদিন মাল বুলিছে, আন এদিন ড্ৰাইভাৰ। এদিন ত‌ই বুলিছে, আন এদিন হিতাধিকাৰী।’’

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


গৰিমা দাসে পোষ্টত আগলৈ লিখিছে, “আৰু, আজি কিছু সময়ৰপৰা গম পাইছোঁ যে শিক্ষকে স্কুলৰ বাহিৰে একো কৰিব নোৱাৰিব। শিক্ষকৰ ব্যক্তিগত জীৱন নাই, গতিকে ট্ৰান্সফাৰ, দূৰত্বত মাত মাতিব নোৱাৰিব। যেনেকৈ হ‌ওক সময়ত গৈ স্কুল পাব লাগিব। শিক্ষকৰ বেমাৰ হ'ব নোৱাৰিব। শিক্ষকৰ পিতৃ-মাতৃ, পত্নী-স্বামী, সন্তান একোয়েই স্কুলতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব নালাগিব। সেই মতেই চলি আছে শিক্ষকৰ জীৱন। কালি গধূলি হঠাৎ দেখা পালো শিক্ষক হেনো 'হিতাধিকাৰী'। তাকো কৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। আৰু, বেছি একো ক'বলৈ মন যোৱা নাই। নিজৰ যোগ্যতাৰ বলত শিক্ষকৰ চাকৰিটো পাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। শব্দৰ ব্যৱহাৰ ক'ত কেনেকৈ কৰিব লাগে তাক অধ্যয়ন কৰা উচিত আপুনি। শিক্ষকক আঁচনিৰ লোভ নেদেখুৱাব। তাতকৈ বিদ্যালয়ৰ, শিক্ষাৰ্থীৰ অভাৱবোৰ কি জানিবলৈ গুৰুত্ব দিলে ভাল। শিক্ষকৰ সামৰ্থ আছে প্ৰয়োজনত এখন স্কুটী লোৱাৰ। আপুনি মাত্ৰ মাহৰ মূৰত কৰ্মৰ বিনিময়ত পোৱা দৰমহাটো সময়ত দিবলৈ যত্ন কৰিলেই হ'ব।’’ 

শিক্ষয়িত্ৰীগৰাকীয়ে আক্ষেপেৰে লিখিছে, “মুখ্যমন্ত্ৰী ডাঙৰীয়া, ক'ৰবাত দুই একক বাদ দি আপোনাৰ মন্তব্য‌ই বাকী সকলো শিক্ষকৰ সন্মানত আঘাত কৰিছে। আজিৰ দিনটোত বিদ্যালয়ত পঢ়াই থকাৰ মাজতো এই কথাটোৱে মনটো অশান্ত কৰিছে। ছাত্র-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ অলেখ দায়িত্ব, অশান্ত মন এটাৰে দায়িত্ব পালন কৰিবলৈ আমাৰ কষ্ট হয়। শিক্ষকক পঢ়াবলৈ দিয়ক। অনুৰোধ, অহংকাৰ ত্যাগ কৰাৰ প্ৰয়াস কৰক। বহুত হৈছে। এইখিনিতে মনলৈ আহিছে আন এটা কথা। শিক্ষকৰ নিযুক্তি বাৰু যোগ্যতাৰ ভিত্তিতে হৈ আহিছে। হৈ থাকিব। কিন্তু , মন্ত্ৰীৰ যোগ্যতা নিৰূপণ কৰিব কোনে ? অহংকাৰে?”