Home অন্যান্য খবৰওভতাই নিলে অনুমোদিত ব’নাছ, স্বাস্থ্য বিভাগৰ কাণ্ডত ক্ষুব্ধ আশা ছুপাৰভাইজাৰ

ওভতাই নিলে অনুমোদিত ব’নাছ, স্বাস্থ্য বিভাগৰ কাণ্ডত ক্ষুব্ধ আশা ছুপাৰভাইজাৰ

by News Desk
219 views
A+A-
Reset

প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লগতে পৰিয়াল পৰিকল্পনাৰ বাবে এন আৰ এইছ এমে ২০০৫ চনৰ এপ্ৰিলৰ পৰাই কাম কৰি আহিছে ৷ পিছলৈ NHM নাম পোৱা প্ৰকল্পটোৰ অধীনস্থ ‘আশা ছুপাৰ ভাইজৰ’সকলৰ আপ্ৰাণ চেষ্টাৰ ফলত প্ৰসূতি আৰু শিশুৰ অকাল মৃত্যুৰ হাৰ যথেষ্ট  হ্ৰাস পায়৷ এই সকল  আশা ছুপাৰ ভাইজক কমেও ৫ বছৰৰ অভিজ্ঞতাৰ ভিত্তত ৰাজ্যিক কৰ্তৃপক্ষই অতিৰিক্ত বোনাচ অলপতে একাউন্ট যোগে আবণ্টন  দিয়ে যদিও পুনৰ চাৰিদিন পিছতে কৰ্মচাৰীক প্ৰদান কৰা ধন ওভতাই বিচৰা ঘটনাই কৰ্মচাৰীৰ লগতে সচেতন মহলৰ চকু কপালত তুলিছে ৷ ২০০৯ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়াম প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাবে নিয়োগ পত্ৰ বিতৰণ কৰিছিল এই সকল আশা কৰ্মীক৷ সুদীৰ্ঘ ৮ বছৰ আশা ছুপাৰভাইজৰ সকলে আপ্ৰাণ ছেষ্টাৰে কাম কৰি আছে যদিও চৰকাৰ-কৰ্তৃপক্ষই গুৰুত্ব নাপালে। মাত্ৰ ২৫০০-৩০০০ টকাত ঘৰে ঘৰে গৈ সেৱা আগবঢ়াই থকা এই সকল আশা ছুপাৰভাইজাৰে চৰকাৰৰ এনে গাৰ এৰা দিয়া মনোভাৱত ক্ষুণ্ণ হৈ পৰিছে। চৰকাৰে শীঘ্ৰে কোনো ব্যৱস্থা নললে তেওঁলোকে আন্দোলন কৰাৰো হুংকাৰ দিছে। তদুপৰি আশাকৰ্মী সকলৰ ৫২ টা বিভাগৰ কাম প্ৰতি মাহে চোৱাচিতা কৰিব লাগে উচ্চ শিক্ষিত আশা ছুপাৰ ভাইজৰ সকলে। উল্লেখ্য যে স্বাস্থ্য বিভাগৰ অইন সকলো কৰ্মচাৰীয়ে প্ৰতি বছৰে হেজাৰ হেজাৰ টকাৰ বোনাচ লাভ কৰি আহিছে যদিও আশা ছুপাৰ ভাইজাৰসকলৰ আশা আশা হৈয়ে ৰ’ল ৷ এনে পৰিপ্ৰেক্ষিততে অহা এপ্ৰিলত এইসকল আশা ছুপাৰভাইজৰে একেলগে পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছে ৷ ‘স্বাস্থ্য বিভাগটোৱে এনে বিভাগ যিয়ে কৰ্মচাৰীক দিয়া বোনাছ পুনৰ ওভতাই লয়। আমাৰ প্ৰতি চৰকাৰৰ এনে মাহী আইৰ দৃষ্টি কিয়? এনে অপমান সহি থকাতকৈ আমি পদত্যাগ কৰাই শ্ৰেয়।’-এইদৰে কয় ক্ষুব্ধ আশা ছুপাৰভাইজৰসকলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0