পৰিয়ালৰ কল্যাণৰ বাবে জ্যোতিষীৰ পৰামৰ্শ মতে ৬৮ দিন উপবাসে থাকি চতুৰ্মাস ব্ৰত পালন কৰিছিল ১৩ বছৰীয়া তেলেংগানাৰ আৰাধনাই। যোৱা ৩ অক্টোবৰত আৰাধনাৰ ১০ সপ্তাহৰ উপবাস শেষ হয়। এই উপলক্ষে তেলেংগানাৰ বিশিষ্ট গহনা ব্যৱসায়ীৰ পৰিয়ালটোৱে গৃহত ‘পাৰনা’ উৎসৱৰ আয়োজন কৰে। এই উৎসৱত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়েও ভাগ লৈছিল। ইয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে কিশোৰীগৰাকী। কিন্তু ইমানদিন উপবাসে থাকি কিডনীকে আদি কৰি অধিকাংশ অংগ বিকল হোৱাত চিকিৎসালয়ত কমা অৱস্থাত আৰাধনাই শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে চাইল্ড ৰাইটছে পিতৃ-মাতৃৰ লগতে জ্যোতিষীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সময় থাকোতে সতৰ্ক নহলে আমাৰ ইয়াতো তেনে ঘটনাৰ পুনৰাবৃত্তি হব পাৰে।
299
previous post