Home অন্যান্য খবৰসমাগত শাৰদীয় দুৰ্গোৎসৱ, কালী পূজা, দীপাৱলী আৰু অন্য উৎসৱসমূহৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা

সমাগত শাৰদীয় দুৰ্গোৎসৱ, কালী পূজা, দীপাৱলী আৰু অন্য উৎসৱসমূহৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা

by News Desk
A+A-
Reset
Screenshot_20210923_204148

News Next One – সমাগত শাৰদীয় দুৰ্গোৎসৱ, কালী পূজা, দীপাৱলী আৰু অন্য উৎসৱসমূহত হ’ব পৰা জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজাস্থলীসমূহ যাতে ক’ভিড-19ৰ সংক্ৰমণস্থলীলৈ পৰিণত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । ৰাজ্যখনত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰে পূজাৰ আয়োজক, দর্শনাৰ্থী আৰু অংশগ্ৰহনকাৰীসকলৰ বাবে এই নিৰ্দেশনাসমূহ জাৰি কৰিছে । গোলাঘাট জিলা প্ৰশাসনেও এই নীতি- নিৰ্দেশনাসমূহ পালন কৰি পূজা তথা অন্য উৎসৱসমূহ উদযাপন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।
*১/ দুৰ্গা পূজা, কালী পূজা আদি অনুষ্ঠিত কৰাৰ বাবে অনুমতি সংক্ৰান্তীয় নিৰ্দেশনা-*
(ক) জিলা প্ৰশাসনে পূজা সমিতি/আয়োজকসকলক অনুমতি দিয়াৰ পূৰ্বে তেওঁলোকৰ সৈতে সভা অনুষ্ঠিত কৰি পূজাত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰিব ।
(খ) পূজা সমিতি/আয়োজকসকলে পূজা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ পৰা অনুমতি বিচৰাৰ সময়ত সম্ভাব্য জনসমাগম সন্দৰ্ভত প্ৰশাসনক অৱগত কৰিব লাগিব ।
(গ) ইয়াৰ দ্বাৰা জিলা প্ৰশাসনে আয়োজকসকলক সফল আৰু সুৰক্ষিতভাৱে পূজা অনুষ্ঠিত কৰাত সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব পাৰিব ।
*২/ পূজাস্থলীত সুকীয়া প্ৰৱেশ-প্ৰস্থানৰ ব্যৱস্থা-*
(ক) পূজাস্থলী আহল-বহল হ’ব লাগিব আৰু সকলো ফালৰ পৰা মুকলি হ’ব লাগিব ।
(খ) ক’ভিডৰ নীতি-নিৰ্দেশনা অনুসৰি পূজাস্থলীত সামাজিক দূৰত্ব বৰ্তাই ৰাখিব পৰাকৈ পৰ্যাপ্ত ঠাই থাকিব লাগিব ।
(গ) প্ৰৱেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ’ব ।
(ঘ) আয়োজকসকলে যিকোনো পৰিস্থিতিতে জনসমাগম নোহোৱাটো সুনিশ্চিত কৰিব লাগিব ।
(ঙ) দর্শনাৰ্থীসকলে ক’ভিড বিধি মানি চলিব পৰাকৈ প্ৰৱেশদ্বাৰৰ পৰা প্ৰস্থানৰ পথলৈকে উপযুক্ত পথ নিৰ্দেশনাৰ ব্যৱস্থা থাকিব লাগিব ।
(চ) দর্শনাৰ্থীসকলক সহায় কৰাৰ বাবে আয়োজকসকলে পূজাস্থলীৰ বিভিন্ন স্থানত স্বেচ্ছাসেৱী নিয়োগ কৰিব লাগিব ।
*৩/ আয়োজক, স্বেচ্ছাসেৱী আৰু ভক্তৰ বাবে ক’ভিড প্ৰতিষেধক-*
(ক) সকলো আয়োজক আৰু স্বেচ্ছাসেৱীয়ে ক’ভিড-19ৰ অন্ততঃ প্ৰথম পালি প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ।
(খ) অনুমতি লাভৰ বাবে আবেদন কৰাৰ সময়তে জিলা প্ৰশাসনে আয়োজক তথা স্বেচ্ছাসেৱীসকলে ক’ভিড প্ৰতিষেধক লৈছেনে নাই সেয়া পৰীক্ষা কৰি সন্তোষজনক ফলাফল পালেহে অনুমতি প্ৰদান কৰিব ।
(গ) প্ৰতিষেধক গ্ৰহণ কৰিলেও সকলো স্বেচ্ছাসেৱী, পূজাৰী আৰু আয়োজকে পূজা আৰম্ভ হোৱাৰ আগতে পঞ্চমীৰ দিনা আৰু বিসৰ্জনৰ পাছত একাদশীৰ দিনা ক’ভিড পৰীক্ষা কৰিব লাগিব ।
(ঘ) ১৮ বছৰৰ অনুৰ্ধৰসকলৰ বাহিৰে পূজাস্থলীত প্ৰৱেশ কৰা সকলো দর্শনাৰ্থীয়ে অন্ততঃ এপালি প্ৰতিষেধক লোৱা হ’ব লাগিব ।
(ঙ) এই কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আয়োজকসকলে প্ৰৱেশ পথত প্ৰশিক্ষনপ্ৰাপ্ত স্বেচ্ছাসেৱী নিয়োগ কৰিব লাগিব । জিলা প্ৰশাসনৰ বিশেষ স্কোৱাডে এই বিষয়টো পৰ্যবেক্ষন
কৰিব ।
(চ) পূজা মণ্ডপত ক’ভিডৰ লক্ষণ থকা লোক চিনাক্ত হ’লে ততালিকে জিলা প্ৰশাসনক অৱগত কৰিব লাগিব আৰু ব্যক্তিজনক ক’ভিড পৰীক্ষাৰ বাবে লৈ যাব লাগিব । পৰ্যাপ্ত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিব লাগিব ।
*৪/ পূজা মণ্ডপৰ ভিতৰত গ্ৰহণ কৰিবলগীয়া নিয়ম আৰু পৰ্যাপ্ত স্বেচ্ছাসেৱী নিয়োগ কৰা সন্দৰ্ভত নিৰ্দেশনা-*
(ক) দর্শনাৰ্থীসকলে মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব মানি চলা আৰু মণ্ডপত সোমাওতে ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো সুনিশ্চিত কৰাৰ বাবে মণ্ডপৰ বাহিৰত আৰু ভিতৰত প্ৰতিষেধক লোৱা পৰ্যাপ্ত স্বেচ্ছাসেৱী নিয়োগ কৰিব লাগিব ।
(খ) স্বেচ্ছাসেৱীসকলেও দর্শনাৰ্থীৰ সৈতে কথা পাতোতে নিজৰ হাত ছেনিটাইজ কৰাৰ লগতে সঠিকভাৱে মাস্ক/ফেচশ্বিল্ড পিন্ধিব লাগিব ।
(গ) ক’ভিড বিধিসমূহৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ সমাগমৰ (অঞ্জলি, প্ৰসাদ বিতৰণ, সান্ধ্য আৰতি আদি) ক্ষেত্ৰত সতৰ্ক হোৱাৰ লগতে সৰু সৰু গোটত এই কামসমূহ সম্পন্ন কৰিব লাগিব ।
(ঘ) অঞ্জলি দিয়াৰ সময়ত যাতে ফুল বিতৰণ আৰু সংগ্ৰহৰ নামত অধিক ভিৰ নহয় তাৰ বাবে ভক্তসকলক ঘৰৰ পৰাই ফুল লৈ আহিবলৈ আহ্বান জনাব লাগিব ।
(ঙ) যদি কৰ্তৃপক্ষই প্ৰসাদৰ পেকেট বিতৰণ কৰে তেনেহ’লে ভিৰ যাতে নহয় তাৰ প্ৰতি চকু দিব লাগিব ।
(চ) কৰ্তব্যৰত স্বেচ্ছাসেৱী আৰু আৰক্ষীৰ লোকে পূজাস্থলীসমূহৰ ওচৰে-পাজৰে যাতে সমাগম নহয় তাৰ বাবে মানুহৰ আহ-যাহ ধাৰাবাহিকভাৱে হৈ থকাটো সুনিশ্চিত কৰিব লাগিব ।
*৫/ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক-*
(ক) আয়োজক আৰু দর্শনাৰ্থীসকলৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
(খ) মাস্ক পৰিধান নকৰাকৈ পূজালৈ অহা লোকৰ বাবে আয়োজকসকলে মাস্ক মজুত ৰাখিব লাগিব ।
(গ) প্ৰৱেশদ্বাৰ আৰু ইয়াৰ ওচৰে-পাজৰে ছেনিটাইজাৰ মজুত ৰাখিব লাগিব ।
(ঘ) পূজাস্থলী আৰু কাষৰীয়া ঠাইসমূহ দুবাৰ( সমাগম হোৱাৰ পূৰ্বে আৰু ভিৰ ভগাৰ পাছত ) ছেনিটাইজ কৰিব লাগিব ।
*৬/ পূজাৰ দিনকেইটাত ভক্তৰ আহ-যাহ সম্পৰ্কীয় নিৰ্দেশনা-*
(ক) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া নিৰ্দেশনা অনুসৰি সান্ধ্য আইনৰ সময় মানি চলিব লাগিব ।
(খ) নিশা ৯ বজাৰ পূৰ্বে পূজাস্থলীসমূহ বন্ধ কৰিব লাগিব । জিলা প্ৰশাসন আৰু পূজা সমিতিসমূহে এয়া কঠোৰভাৱে বলৱৎ হোৱাটো সুনিশ্চিত কৰিব ।
(গ) পূজাৰ সময়ত মটৰ চাইকেলত মহিলা আৰু ১৫ বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰীৰ বাহিৰে দুজন লোক উঠাত নিষেধাজ্ঞা থাকিব ।
*৭/ পূজাৰ আগত, পূজাৰ সময়ত আৰু পূজাৰ পিছত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা সন্দৰ্ভত নিৰ্দেশনা-*
(ক) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি পূজাৰ আগত, পূজাৰ সময়ত আৰু পূজাৰ পিছত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব ।
(খ) পূজা সমিতিয়ে কোনো মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব ।
(গ) ক’ভিড বিধি পালন কৰি পথৰ দাঁতিত দোকান দিয়াৰ বাবে জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিব ।
*৮/ ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াত গুৰুত্ব আৰোপ-*
(ক) দুৰ্গা পূজাৰ সময়ত ক’ভিড বিধি পালন আৰু প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ লগতে ৰাইজক মণ্ডপৰ বাহিৰে-ভিতৰে অযথা ভিৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাব লাগিব ।
(খ) পূজাৰ সময়ত যাতে ক’ভিড অথবা অন্য বিষয় লৈ উৰা বাতৰি আৰু ভুল তথ্য ৰাইজৰ মাজলৈ নাযায় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
*৯/ পূজাৰ মণ্ডপ মুকলি আৰু বিসৰ্জনত অধিক সমাগম হ’ব নালাগিব-*
(ক) ক’ভিডৰ সকলো নীতি-নিৰ্দেশনা মানি অতি কম লোকৰ অংশগ্ৰহনেৰে পূজাৰ মণ্ডপ মুকলি আৰু বিসৰ্জনৰ বিধিসমূহ পালন কৰিব লাগিব ।
(খ) পূজা সমিতিসমূহে ভাৰ্চুৱেল ব্যৱস্থাৰে পূজা মণ্ডপ মুকলি কৰিব পাৰে । এই ব্যৱস্থা অতি সুৰক্ষিত হ’ব ।
(গ) পূজাৰ প্ৰতিমাৰ আকাৰ সীমিত হ’ব লাগিব যাতে কঢ়িয়াবলৈ অধিক লোকৰ প্ৰয়োজন নহয় ।
(ঘ) প্ৰতিমা বিসৰ্জনৰ পূৰ্বে ঘাটসমূহ ছেনিটাইজ কৰিব লাগিব । দূর্গাৰ প্ৰতিমা বাটত ক’তো নৰখোৱাকৈ পোনে পোনে ঘাটলৈ নিব লাগিব যাতে অপ্ৰয়োজনীয় ভিৰৰ সৃষ্টি নহয় ।
(ঙ) জিলা প্ৰশাসনে প্ৰতিখন পূজা সমিতিক প্ৰতিমা বিসৰ্জনৰ বাবে সময় নিৰ্ধাৰণ কৰি দিব লাগিব যাতে প্ৰতিখন পূজা সমিতিয়ে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই বিধি সম্পন্ন কৰিব পাৰে । পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি দুদিনৰ ভিতৰত বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰাকৈ জিলা প্ৰশাসনে সময় নিৰ্ধাৰণ কৰিব লাগিব ।
(চ) প্ৰয়োজন হ’লে ক’ভিড বিধি পালন কৰি বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে অতিৰিক্ত দিন ধার্য কৰিব পৰা যাব ।
(ছ) জনসমাগমৰ ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া নিৰ্দেশনা পালন কৰিব লাগিব ।
(জ) বিসৰ্জনৰ ঘাটসমূহত নিয়োগ কৰা স্বেচ্ছাসেৱী আৰু শ্ৰমিকসকলে প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক ।
*১০/ ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াৰ দ্বাৰা সজাগতা সৃষ্টি-*
(ক) ক’ভিড প্ৰট’কল আৰু প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়া ব্যাপকভাৱে ব্যৱহাৰ কৰিব লাগিব ।
(খ) ৰাইজক প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিডৰ স্বাস্থ্যবিধিসমূহ পালনৰ প্ৰতি উৎসাহিত কৰাৰ বাবে পূজাস্থলীত প’ষ্টাৰ আৰু সজাগতামূলক নিৰ্দেশক আদিৰ ব্যৱস্থা কৰিব লাগিব ।
(গ) “কমেও এপালি প্ৰতিষেধক গ্ৰহণ কৰা লোকেহে পূজা মণ্ডপত প্ৰৱেশ কৰক” বুলি লিখা নিৰ্দেশক প্ৰতিটো প্ৰৱেশ পথত সংস্থাপন কৰিব লাগিব । সকলো দর্শনাৰ্থীয়ে প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰাৰ বাবে পূজা সমিতিয়ে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মাইকেৰে ঘোষণা কৰিব লাগিব ।

জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে প্ৰয়োজন অনুসৰি সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব । কিন্তু সেৱা লাভ কৰিবৰ বাবে পূজাৰ আয়োজকে জিলা নিয়ন্ত্ৰণ কক্ষত পূজাৰ ঠাই, স্বেচ্ছাসেৱীৰ সংখ্যা আৰু তেওঁলোকে প্ৰতিষেধক গ্ৰহণ কৰা সম্পৰ্কীয় তথ্য অৱগত কৰাৰ লগতে ক’ভিড বিধি মানি চলাটো সুনিশ্চিত কৰিব লাগিব ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0