শিৱসাগৰঃ বকুল বড়াৰ চোতালত এতিয়া অজস্র গুণমুগ্ধৰ উপস্তিতি কিন্তু পৰি ৰ’ল দুটা নিথৰ মৃত দেহ, হয় আপুনি ঠিকেই ভাবিছে যোৱা কালি নিজ পুত্র নিলীম আকাশৰ চিকিৎসাৰ বাবে ডিব্রুগড়লৈ লৈ যোৱাৰ পথত দূৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা বকুল বড়া আৰু পুত্র নিলীম আকাশৰ কথা কৈছো ,আৰু গুৰুতৰ ভাৱে আঘাট প্রাপ্ত হোৱা মৃদুলা বড়া বৰ্তমান সঞ্জীৱনী আই চি ইউ জীৱন মৃত্যুৰে যঁজিছে ,এতিয়া ঘৰখনত কেৱল কান্দোনৰ ৰোল,আজি মৰনোত্তৰ পৰীক্ষাৰ অন্তত সন্ধিয়া প্রায় সাতমান বজাত উপস্হিত হয় নিজ ঘৰখনত পিতা পুত্রৰ নিথৰ মৃতদেহ ,এতিয়া ঘৰখনত কোনো নাই কিন্তু দুই পিতা পুত্রক শ্রদ্ধাঞ্জলী জনাবলৈ অগনন গুণমুগ্ধৰ সমাবেশ।
