Home অন্যান্য খবৰপোষণ অভিযান কেৱল এটা মাহজোৰা কাৰ্যসূচী নহয়, ই এটা ধাৰাবাহিক জনজাগৰণ প্ৰক্ৰিয়া : অজন্তা নেওগ

পোষণ অভিযান কেৱল এটা মাহজোৰা কাৰ্যসূচী নহয়, ই এটা ধাৰাবাহিক জনজাগৰণ প্ৰক্ৰিয়া : অজন্তা নেওগ

by News Desk
A+A-
Reset
IMG-20211002-WA0031

গোলাঘাট, ২ অক্টোবৰঃ ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১ৰ সৈতে সংগতি ৰাখি অসমতো যোৱা পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহৰ সামৰণি অনুষ্ঠান আজি গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডত ৰাজ্যিক পৰ্যায়ত সম্পন্ন হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ’ বাৰ্তাত কয় যে পুষ্টিহীনতা দূৰ কৰা আৰু পৰিপুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত পোষণ অভিযান এক বহুমাত্ৰিক কৰ্মযজ্ঞ । এই অভিযানক আমি জনসজাগতাৰ এটা মাধ্যম হিচাপে গ্ৰহণ কৰিব বিচাৰিছো বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ই এটা জন অংশীদাৰী অভিযানত পৰিণত হ’ব লাগিব । সন্মিলিত প্ৰচেষ্টাৰে অপুষ্টিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুষ্টিহীনতামুক্ত ভাৰত গঢ় দিয়াত সকলোকে ঐক্যবদ্ধভাৱে প্ৰয়াস চলাবলৈ তেওঁ আহ্বান জনায় ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমাজ কল্যান বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে পোষণ মাহ সফল কৰি তোলাৰ ক্ষেত্ৰত সমাজ কল্যান বিভাগৰ বিষয়া-কৰ্মচাৰী, আশা-অংগনৱাড়ী কৰ্মী আৰু ইয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে । ভাষণৰ আৰম্ভণিতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোষণ কেৱল এটা চৰকাৰী অভিযান নহয়, বৰং ই মাতৃ আৰু শিশুৰ পৰিপুষ্টি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সকলোৰে এটা দায়বদ্ধতা । তেওঁ চাহ বাগিচা অঞ্চলত এতিয়াও প্ৰসূতিৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱা বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ পোষণ অভিযান কেৱল এটা মাহজোৰা কাৰ্যসূচী নহয় বুলি উল্লেখ কৰি ইয়াক এটা ধাৰাবাহিক জনজাগৰণ প্ৰক্ৰিয়া আখ্যা দিয়ে । তেওঁ কয় যে ৰাজ্য চৰকাৰে ২৫ লাখ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছে । লগতে এই কেন্দ্ৰসমূহৰ বাবে চাউল মুকলি বজাৰৰ পৰিৱৰ্তে ভাৰতীয় খাদ্য নিগমৰ পৰা ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে । ইয়াৰ ফলত ৰাহি হোৱা ধনখিনি অংগনৱাড়ী কেন্দ্ৰসমূহত ব্যয় কৰিব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিসকলক নিজ নিজ এলেকাৰ অংগনৱাড়ী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ ল’বলৈ আহ্বান জনায় । ৰাজ্যখনত পুষ্টিহীনতাত ভোগা ৫০ হাজাৰৰো অধিক শিশু আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এনে শিশুৰ পৰিপুষ্টিৰ বাবে সকলো খাদ্যপ্ৰাণযুক্ত এটা বিশেষ চকলেট প্ৰস্তুত কৰি উলিয়াইছে । তেওঁ উৎসৰ্গিত মনোভাৱেৰে আৰু এটা সংবেদনশীল মনেৰে শিশু আৰু মহিলাসকলৰ পৰিপুষ্টিৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ সমাজ কল্যান বিভাগৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আহ্বান জনায় ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0