465
কলিয়াবৰঃ কাজিৰঙাৰ গড়ঁ হত্যা প্ৰতিৰোধত নিয়োজিত গৃহৰক্ষী বাহিনীৰ কৰ্তব্যত উৎসাহিত কৰাৰ স্বাৰ্থত নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ উদ্যোগত গৃহৰক্ষী বাহিনীৰ জোৱনক জোতা আৰু টৰ্চ লাইট বিতৰণ কৰে।
কাজিৰঙাৰ দাঁতিৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত কৰ্তব্যত নিয়োজিত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল অন্তৰ্গত ৫০ জন জোৱানক জোতা আৰু মুঠ ১০ টাৰো অধিক টৰ্চ লাইট বিতৰণ কৰে ।