Home অন্যান্য খবৰবিশ্বনাথৰ গমিৰিত গান্ধী জয়ন্তী পালন

বিশ্বনাথৰ গমিৰিত গান্ধী জয়ন্তী পালন

by News Desk
A+A-
Reset
IMG-20211002-WA0045

News Next One, বিশ্বনাথ চাৰিআলি,২অক্টোবৰঃ বিশ্বনাথৰ শান্তিপুৰ গমিৰিৰ নৱোদয়া নাট্য মঞ্চত দিনজোৰা কাৰ্যসুচীৰে ১৫২তম গান্ধী জয়ন্তী উদযাপন কৰা হয় ৷সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত কাৰ্যসূচী অনুসৰি গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷তৎপশ্চাৎ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সদৌ অসম গ্ৰাম্য ব্যৱসায় সন্থাৰ সভাপতি জিতু হাজৰিকাৰ সভাপতিত্বত আৰু সম্পাদক চাহজাহান আলিয়ে উদ্দেশ্য বাখ্যা কৰা সভা এখনো অনুষ্ঠিত হয় ৷ সত্য আৰু আদৰ্শক প্ৰতিষ্ঠাৰে মানৱ সেৱাক ব্ৰত হিচাবে লৈ দেশবাসীক সেৱা আগবঢ়োৱা মহান মনিষী গান্ধীজীক সভাত শ্ৰদ্ধাৰে সোৱৰণ কৰা হয় ৷ লগতে গান্ধীজীৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰা সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি টিকাৰাম তিমচিনাই গান্ধী জয়ন্তীৰ উপলক্ষ্যত বক্তব্যও ৰাখে ৷ গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত উপসভাপতি দিপক পোখৰেল, সহ-সম্পাদক ইব্ৰাহীম আলী , বিত্ত সম্পাদক জীবন কুৰ্মী, কাৰ্যনিৰ্বাহক সদস্য চেন বে, ৰাজু ৰংহাঙকে প্ৰমুখ্য কৰি গমিৰি ৰাইজ উপস্থিত থাকে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0