Home অন্যান্য খবৰমিত্ৰতাৰ দিশে কংগ্ৰেছ- ৰাইজৰ দল

মিত্ৰতাৰ দিশে কংগ্ৰেছ- ৰাইজৰ দল

by News Desk
508 views
A+A-
Reset

ডিজিটেল ডেস্ক,০৮ আগষ্টঃ উপ নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে অসমত৷ খালী হোৱা ৫ খন বিধানসভা আসনৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাইজৰ দল আৰু কংগ্ৰেছে। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত দুয়োটা ৰাজনৈতিক দলে মিত্ৰতা স্থাপনৰ দিশে আগবাঢ়িছে। ইতিমধ্যে ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাক লগ ধৰি ইয়াৰ এক স্পষ্ট ইংগিত প্ৰদান কৰিছে। তাৰ মাজতে দেওবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক। অখিল গগৈ জেলৰ পৰা ওলাই অহাৰ পিছত প্ৰথমখন কাৰ্য নিৰ্বাহক বৈঠক আৰম্ভ হয়।

বৈঠকৰ পিছতে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “উপ নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰিত হোৱাটো আমি বিচাৰো। মাথো এ.আই.ইউ.ডি.এফ.ক আমি বিৰোধী শক্তিৰ লগত ল’ব নিবিচাৰো। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰো। সকলো বিৰোধী দল একত্ৰিত হ’লে আমি আধা আসন দখল কৰিব পাৰিম। আজি বিয়লি পাঁচ বজাত কংগ্ৰেছৰ প্ৰতিনিধি আহিব ৰাইজৰ দলৰ কাৰ্যালয়লৈ। যদি একেলগ হৈ প্ৰত্যাহ্বান জনোৱা নহয় তেন্তে বিজেপিক ৱাক অভাৰহে দিয়া হ’ব।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0