Home অন্যান্য খবৰশিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ

শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ

by News Desk
A+A-
Reset
IMG-20211001-WA0029

গোলাঘাট, ১ অক্টোবৰঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত আয়োগৰ এটা প্ৰতিনিধি দলে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ পৰ্যালোচনা কৰে । সভাত আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে শিশুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা বুজ লয় । তেওঁ বাল্য বিবাহ আৰু শিশুৰ অবৈধ সৰবৰাহৰ দৰে ব্যাধি দূৰ কৰিবলৈ শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন চমুকৈ পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । আনহাতে শিশু-কিশোৰৰ মাজত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ ভিক্ষা কৰা শিশু আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত আয়োগৰ সদস্য ডঃ পিলু হাজৰিকাই থানাসমূহত সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে যাতে কোনো আৰক্ষী বিষয়াই শিশু সম্পৰ্কীয় গোচৰ অৱহেলা নকৰে । এইক্ষেত্ৰত আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটক পুনৰ সক্ৰিয় কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ আয়োগৰ আন এগৰাকী সদস্য শ্ৰী অজয় কুমাৰ দত্তই জিলা পৰিবহন বিষয়াক বিদ্যালয়ৰ বাছসমূহৰ চালক-হেণ্ডিমেনৰ আৰক্ষীৰ দ্বাৰা সত্যাৰ্পন কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে ৰাজহুৱা বাহনসমূহত সৰ্বশিক্ষা, শিশু শ্ৰমিক, পক্স’ আইন আদি সন্দৰ্ভত সজাগতামূলক পত্ৰিকা লগোৱাৰ ব্যৱস্থা কৰিবলৈ কয় । প্ৰতিনিধি দলটোৱে আজিৰ বৈঠকত আৰক্ষী, স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা গোট, জিলা কাৰাগাৰ, জিলা পৰিবহন বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, খাদ্য আৰু অসামৰিক যোগান, শ্ৰম, আবকাৰী আৰু সমাজ কল্যান বিভাগৰ জিলা মুৰব্বীৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাও উপস্থিত আছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0