Home অন্যান্য খবৰলাভলিনাৰ খেলৰ বাবে স্থগিত হ’ব সদন, কাইলৈ ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলিনাক জনাব সমৰ্থন

লাভলিনাৰ খেলৰ বাবে স্থগিত হ’ব সদন, কাইলৈ ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলিনাক জনাব সমৰ্থন

by News Desk
455 views
A+A-
Reset

গুৱাহাটী,০৩ আগষ্ট :  অহাকালি ০৪/০৮/২০২১ তাৰিখে ইতিহাস ৰচি অসম কন্যা লাভলিনা বৰগোহাইঁ টকিঅ’ অলিম্পিক,২০২০ ত বক্সিং ৰিংত নামিব।লাভলিনা হ’ল অলিম্পিকত পদক নিশ্চিত্ কৰা প্ৰথম গৰাকী অসমীয়া  মহিলা।লাভলিনাৰ পদক নিশ্চিত হলেও এইপৰ্য্যন্ত পদকৰ ৰং নিৰ্ধাৰণ হোৱা নাই।অহাকালি হব লগা ছেমিফাইনেলত বিজয়ী হৈ লাভলিনাই ফাইনেলত প্ৰৱেশ কৰিব বুলি অত্যন্ত অত্যুৎসাহী অসমবাসীৰ লগতে সমগ্ৰ দেশ।প্ৰায় ১৩৫ কোটি দেশবাসীৰ শুভকমনাই লাভলিনাক সোণৰ পদক জিকি ইতিহাস ৰচাৰ সাহস দিয়ক।প্ৰায় প্ৰতিজন ভাৰতীয়ই বিভিন্ন মাধ্যমেৰে লাভলিনাক শুভকামনা জনাইছে।এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অসম চৰকাৰো। অহাকালিৰপৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। কিন্তু অহাকালি পুৱা ১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলিনাক সমৰ্থন জনাব অসম বিধান সভাই। ৩০ মিনিটৰ বাবে সদন স্থগিত ৰখা হব।লাভলিনাৰ খেল যাতে সকলোৱে উপভোগ কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে।

উল্লেখযোগ্য যে অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে। এই প্ৰস্তাৱত অধক্ষ্য বিশ্বজিত দৈমাৰীয়ে অনুমোদন জনায়।টকিঅ’ অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0