পহিলা চেপ্টেম্বৰৰ পৰা বিদ্যালয় নোখোলে,একাংশ সংবাদ মাধ্যমে ভুল বাতৰি প্ৰচাৰ...

Home অন্যান্য খবৰপহিলা চেপ্টেম্বৰৰ পৰা বিদ্যালয় নোখোলে,একাংশ সংবাদ মাধ্যমে ভুল বাতৰি প্ৰচাৰ কৰিছে

পহিলা চেপ্টেম্বৰৰ পৰা বিদ্যালয় নোখোলে,একাংশ সংবাদ মাধ্যমে ভুল বাতৰি প্ৰচাৰ কৰিছে

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্ক,০১চেপ্টেম্বৰঃ পহিলা চেপ্টেম্বৰৰপৰা বিদ্যালয় সমূহ খোলাৰ কোনো নিৰ্দেশনা ৰাজ্য চৰকাৰে প্ৰদান কৰা নাই৷তাৰ পৰিৱৰ্তে ১৮ বছৰ বয়সৰ যিসকল শিক্ষাৰ্থীয়ে দুটাকৈ ভেকচিন গ্ৰহণ কৰিছে অৰ্থাৎ উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেহে শিক্ষানুস্থান খোলাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল৷এই ঘোষণাকে একাংশ সংবাদ মাধ্যমে ভুলকৈ বিদ্যালয়সমূহ পহিলা চেপ্টেম্বৰৰ পৰা খুলিব বুলি কৰি প্ৰচাৰে অভিভাৱক,শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীক বিমোৰত পেলাইছে৷শিক্ষামন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে পৰৱৰ্তী সময়তহে বিদ্যালয়ৰ শ্ৰেণী সমূহ খোলাৰ পৰিকল্পনা চৰকাৰে কৰিব৷একাংশ সংবাদ মাধ্যমে বিদ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰা দেখা যায় য’ত প্ৰধান শিক্ষকসকলে বিদ্যালয় খোলা সম্পৰ্কত কোনো চৰকাৰী নিৰ্দেশনা পোৱা নাই বুলি স্পষ্টকৈ জনায়৷এই ভুল বাতৰিৰ বাবেই কিছু শিক্ষাৰ্থী বিদ্যালয়লৈ আহে যদিওঁ পুনৰ উভতি যাব লগা হয়৷

উল্লেখযোগ্য যে পহিলা চেপ্টেম্বৰৰ দিনৰ ১১ বজাত স্বাস্থ্যমন্ত্ৰীয়ে নতুন এছ অ’ পি ঘোষণা কৰিব য’ত শিক্ষানুস্থান খোলা নোখোলা সম্পৰ্কত ঘোষণা কৰাৰ সম্ভাৱনা আছে যদিওঁ হঠাৎ কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে ভেকচিন প্ৰদান নকৰাকৈ কিদৰে শিক্ষাৰ্থীক বিদ্যালয়লৈ আহিবলৈ অনুমতি দিব সেয়াওঁ এক প্ৰশ্ন৷অপেক্ষা মাথো ১১ বজাৰ স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেললৈ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0