ডিজিটেল ডেস্ক,১ চেপ্টেম্বৰঃ ১ চেপ্টেম্বৰ বুধবাৰৰ দিনৰ ১১ বজাৰ পৰাই প্ৰযোজ্য হোৱাকৈ ঘোষণা হ’ল নতুন এছ অ’ পি।স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মেলৰ জৰিয়তে নতুন এছ অ’ পিৰ বিষয়ে ঘোষণা কৰে৷।কোভিড পৰিৱেশ কিছু উন্নত হোৱালৈ চাই এইবাৰৰ এছ অ’ পি ত প্ৰায় সকলো ক্ষেত্ৰতেই শিথিলতা প্ৰদান কৰা হৈছে৷ বহু চৰ্চিত আন্তঃজিলা যাতায়ত খুলি দিয়া হৈছে এই নুতুন এছ অ’ পিত। কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি কৰা হৈছে৷আন্তঃজিলা আৰু অন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী, ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি প্ৰদান কৰা হৈছে৷
কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসনৰ সংখ্যাতকৈ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব।
যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব।সান্ধ্য আইনৰ মাজতো নৈশ বাছৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে৷সকলো যাত্ৰীকে মাস্ক বাধ্যতামূলক কৰা হৈছে।অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি প্ৰদান কৰা হৈছে৷অৱশ্যে কমেও এপালি কোভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী আৰু চালকৰ বাবে বাধ্যতামূলক।কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি।এই ক্ষেত্ৰত মাস্ক বাধ্যতামূলক।
ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক।