ডিজিটেল ডেস্ক,নিউজ নেক্সট ৱান : ক’ভিড–১৯ৰ দ্বিতীয় ঢৌ সম্পূৰ্ণৰূপে হ্রাস পোৱাৰ পুৰ্বেই পুনৰ মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সমগ্ৰ দেশত৷ বিগত সপ্তাহ ধৰি প্রতিদিনে আক্রান্তৰ সংখ্যা ৪০ সহস্রাধিক হৈ থকাত ক’ভিড–১৯ৰ তৃতীয় ঢৌৰ সম্ভাৱনাই শংকিত কৰি তুলিছে সকলোকে।
দেশজুৰি চলিত মাহতে ক’ভিড–১৯ৰ তৃতীয় ঢৌো আৰম্ভ হ’ব বুলি আই আই টি, হায়দৰাবাদৰ অধ্যাপকে সকীয়নি দিছে৷ আই আই টি, হায়দৰাবাদ আৰু কানপুৰৰ গৱেষক–অধ্যাপক মথুকুমালি বিদ্যাসাগৰ আৰু মনীন্দ্র আগৰৱালে প্রকাশ কৰা প্রতিবেদন মতে আগষ্ট মাহত ভাৰতত ক’ভিড–১৯ৰ তৃতীয় ঢৌ আৰম্ভ হ’ব আৰু আক্টোবৰ মাহত ই শিখৰত উঠিব৷ এই সময়ছোৱাত দেশত প্রতিদিনে ডেৰ লক্ষাধিক লোক আক্রান্ত হ’ব৷ ব্ল’মবার্গত প্রকাশিত প্রতিবেদন অনুসৰি অধ্যাপকদ্বয়ৰ অধ্যয়নত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে ক’ৰোনা ভাইৰাছৰ তৃতীয় ঢৌ ভাৰতত আগষ্টত আৰম্ভ হৈ অক্টোবৰত ভয়ানক ৰূপ ল’ব৷ এই সময়ছোৱাত নুন্যতম ১ লাখ লোক আক্রান্ত হৈ সর্বোচ্চ ডেৰ লাখ লোকলৈকে আক্রান্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ চলিত বর্ষত ক’ভিড–১৯ৰ দ্বিতীয় ঢৌৰ তথ্যৰ ভিত্তিত চলোৱা অধ্যয়নৰ অন্তত প্রকাশিত প্রতিবেদনখনত জুলাইৰ মধ্য ভাগৰ পৰা আগষ্টলৈকে কেৰালাত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিয়ে দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাদুর্ভাৱ প্রায় নিশ্চিত কৰি তুলিছে৷