Home অন্যান্য খবৰলাভলীনাময় গুৱাহাটীত আৱেগিক ব্ৰ্ঞ্জ বিজয়ী অসম তনয়া,আদৰিলে হেজাৰ জনতাই

লাভলীনাময় গুৱাহাটীত আৱেগিক ব্ৰ্ঞ্জ বিজয়ী অসম তনয়া,আদৰিলে হেজাৰ জনতাই

by News Desk
67 views
A+A-
Reset

ডিজিটেল ডেস্ক,১২ আগষ্ট : টকিঅ’ অলিম্পিকত ইতিহাস ৰচি প্ৰথমগৰাকী অসমীয়া হিচাপে পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাই আজি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে লাভলীনাময় হৈ পৰে সমগ্ৰ ৰাজ্য। গামোচা, ফুলৰ থোপাৰে আদৰণি জনোৱা হয় মৰমৰ খেলুৱৈগৰাকীক।বিমান বন্দৰত অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আ বন্দৰত আদৰণি জনায় খেলুৱৈ গৰাকীক।বিমান বন্দৰত অসম চৰকাৰৰ আন মন্ত্ৰী সকলেওঁ আদৰণি জনায়।অসমীয়া পৰম্পৰা আৰু বিহু নৃত্যৰ সমাহাৰেৰে বিমান বন্দৰত ভিৰ কৰে শতাধিক শুভাকাংক্ষীয়ে।তাৰ পিছত প্ৰায় অৰ্ধশতাধিক বিলাসী বাহনৰ এক ৰেলীৰে খেলুৱৈ গৰাকীক অদৰি অনা হয় হোটেল তাজ ভিভাণ্টালৈ।আজিৰ এই ৰেলীৰ সময়ত হেজাৰ গুণমুুগ্ধই ৰাস্তাত গামোছা লৈ লাভলীনা বৰগোহাইক আদৰণি জনাবলৈ ৰৈ থকা দেখা যায়।বিমান বন্দৰত সাংবাদিকৰ লগত হোৱা মত বিনিময়ত যথেষ্ট আৱেগিক হৈ পৰে খেলুৱৈ গৰাকী।অসমৰ ৰাইজৰ পাৰ ভগা উচাহ দেখি চকুলো মচি কয় যে সোণৰ পদক আনিব নোৱাৰাটো মোৰ বাবে দুখৰ বিষয়।আগন্তুক পেৰিছ অলিম্পিকত সোণৰ পদক অনাৰ প্ৰতিশ্ৰুতি দিয়ে অসম তনয়াগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0