83
তেজপুৰঃ অৰুণাচল প্ৰদেশৰ কামেং আৰু অসমৰ জীয়াভৰলী নৈৰ উপনৈ জৰাশৰ নৈৰ বাঢ়নী পানী বিপদসীমাৰ ওপৰৰে বৈ থকাৰ বাবে বৃহত্তৰ অঞ্চলটোত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
আজি চাৰিদিন গৰৈমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ৩ ফুট ওপৰৰে পানী বৈ থকাৰ পৰিপ্ৰেক্ষিতত ঘাই পথত যাতায়তৰ অসুবিধা হোৱাৰ লগতে তীব্ৰ যানজঁটৰো সৃষ্টি হৈছে।