57
কামপুৰঃ পুনৰ এটা জঘন্য কাণ্ডই জোঁকাৰি গৈছে নগাঁৱৰ কচুৱা লংজাপ অঞ্চলক। ১৫ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে কচুৱা লংজাপত।
ঘটনাৰ বিৱৰণি মতে বৃহস্পতিবাৰে নিশা বিয়া খাবলৈ গৈছিল ১৫ বছৰীয়া কিশোৰীগৰাকী। বিয়া খাই নিশা উভতি অহাৰ পথতে যুৱক প্ৰদীপ দাস নামৰ এজন যুৱকে এই কাণ্ড সংঘটিত কৰে বুলি আৰক্ষীয়ে জনায়।