ডিজিটেল ডেস্ক,১৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ শিক্ষিত নিৱনুৱালৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব টেট পৰীক্ষা৷ অহা ২৪ অক্টোবৰত নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ বাবে টেট অনুষ্ঠিত হ’ব৷যোৱা বুধবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে এই সন্দর্ভত জাননী জাৰি কৰিছে৷ সেই অনুসৰি ১৫ চেপ্তেম্বৰৰ পৰা অনলাইনযোগে আবেদন গ্রহণ কৰা হৈছে৷ অহা ২৫ ছেপ্টেম্বৰলৈ আগ্রহী প্রার্থীসকলে এই টেটৰ বাবে আবেদন দাখিল কৰিব পাৰিব৷
আনহাতে, ১০ অক্টোবৰৰ পৰা প্রার্থীসকলক প্রদান কৰা হ’ব এডমিট কার্ড৷ ৰাজ্যৰ ২৭টা পৰীক্ষা কেন্দ্রত টেট অনুষ্ঠিত হ’ব৷ টেট অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা কেন্দ্রসমূহ হৈছে– বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্রুগড়, ডিমা হাছাও, গোলাঘাট, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ, কার্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু পশ্চিম কার্বি আংলং৷ বর্তমান শিক্ষক–শিক্ষা পাঠ্যক্রমত চূড়ান্ত বর্ষত অধ্যয়নৰত শিক্ষার্থীসকলেও টেটৰ বাবে আবেদন কৰিব পাৰিব৷ নিম্ন প্রাথমিক টেটৰ বাবে দিবলগীয়া মাচুলৰ পৰিমাণ হৈছে– সাধাৰণ শ্রেণীৰ বাবে ৩২৫ টকা৷ আন শ্রেণীৰ প্রার্থীসকলৰ বাবে এই মাচুল ৩০০ টকা নির্ধাৰণ কৰা হৈছে৷