ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা নাইজেৰিয়াৰ এটি মছজিদত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত আছিল এগৰাকী ১৭ বছৰীয়া যুৱক৷ এই কথা প্ৰকাস কৰিছে দেশৰ চৰকাৰে৷ আফ্ৰিকা মহাদেশৰ এখন দুৰ্ভিক্ষ পীড়িত আৰু সন্ত্ৰাস জৰ্জৰিত দেশ হল নাইজেৰিয়া৷ ফুটবল খেলি ভাল পোৱা দেশ খনত যোৱা কেইবাটাও বছৰ বছৰ ধৰি উগ্ৰপন্থীয়ে খেলি আহিছে তেজৰ ফাকু৷
মঙলবাৰে পুনৰ তেজৰ ফাকু খেলে উগ্ৰপন্থীয়ে৷ দেশখনৰ উত্তৰ-পূব প্ৰান্তৰ এটা মছজিদত মঙলবাৰে পুৱা নামাজৰ সময়ত আত্মঘাতী বোমাৰুৰ হাতত ৫০জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়৷ আহত সকলক স্থানীয় হস্পিতালত ভৰ্তি কৰোৱা হয়৷ ঘটনা সংঘটিত হয় আডামাওৰ মুবি চহৰৰ এটি মছজিদত৷ ঘটনাৰ তদন্ত কৰাত ভয়াবহ তথ্য পোহৰলৈ আহিছে৷