107
ডিজিটেলঃ বিশ্বৰ দৃষ্টি এতিয়া জিম্বাবুৱেৰ দিশে৷ কিয়নো যোৱা কেইবাদিনৰ জটিল ৰাজনৈতিক পৰিস্থিতিৰ অন্তত ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাৱে পদত্যাগ কৰাৰ পিছতে নতুন সমীকৰণ কি হ’ব তালৈ অপেক্ষা কৰিছে বিশ্বই৷
যোৱা ৩৭ বছৰে দেশ চলোৱা ৰবাৰ্ট মুগাৱেৰ পদত্যাগৰ খবৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে৷ এইটো এটা সাধাৰণ ঘটনা নহয় বুলিও কব খোজে বহু লোকে৷ যিজন নেতাই যোৱা ৩৭ বছৰ ধৰি দেশখনক নেতৃত্ব দি আহিছে সেই একছত্ৰী শাসক জনে হঠাৎ পদত্যাগ পত্ৰ দাখিল কৰে৷