Home অন্যান্য খবৰনতুন এছ অ’ পি প্ৰকাশঃ সন্ধিয়া ৬ বজালৈ খোলা থাকিব কাৰ্যালয়-প্ৰতিষ্ঠান

নতুন এছ অ’ পি প্ৰকাশঃ সন্ধিয়া ৬ বজালৈ খোলা থাকিব কাৰ্যালয়-প্ৰতিষ্ঠান

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্ক,১৭ আগষ্টঃআজি ঘোষণা কৰা হয় নতুন এছ অ’ পি৷স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে ঘোষণা কৰে ১৮ আগষ্টৰ পৰা কাৰ্যকৰী হবলগা এই এছ অ’ পি৷ মন্ত্ৰী গৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয়- “কিছু পৰিমানে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ। অৱশ্যে গুৱাহাটীৰ তথ্য সন্তোষজনক নহয়। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত চিন্তা কৰিব লগীয়া এতিয়াও আছে।” নতুন এছ অ’ পি ত যথেষ্ট শিথিলতা দিয়া হৈছে৷ সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়, দোকান-বজাৰ। সন্ধিয়া ৭ বজাৰ পৰা হ’ব সান্ধ্য আইন বলবৎ হব সমগ্ৰ ৰাজ্যখনতে৷আন্তঃজিলা যাতায়ত খোলাৰ দিয়া হৈছে যদিওঁ কেৱল ব্যক্তিগত যান-বাহনৰ বাবে আন্তঃজিলা যাতায়ত খোলা থাকিব। ১৮ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন এছ অ’ পি। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়ত ব্যৱস্থাৰ সুবিধা নাথাকিব৷কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়ত বন্ধ থাকিব।আনবোৰ জিলাত আন্তঃজিলা যাতায়ত খোলা থাকিব।এতিয়াৰে পৰা গাড়ীৰ যুগ্ম-অযুগ্ম নম্বৰৰ নিয়ম বাতিল কৰা হৈছে।সভা-সমিতি, ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত মুকলি ঠাইত অতিৰিক্ত ২০০জন লোক সমবেত হ’ব পাৰিব।প্ৰেক্ষাগৃহত ৫০ শতাংশ লোক উপস্থিতি থাকিব পাৰিব সভা-সমিতিত। অৱশ্যে এই সভা-সমিতিলৈ যোৱা লোকসকলে ল’ব লাগিব দুই পালি ভেকচিন।বিবাহ আদি অনুষ্ঠাত ২৫জনকৈ লোক উপস্থিতি থাকিব পাৰিব।অন্তেষ্টিক্ৰিয়া ক্ষেত্ৰতো ২৫জন লোক উপস্থিত থাকিব পাৰিব।কামাখ্যা মন্দিৰ বা আনবোৰ মঠ-মন্দিৰত ১ ঘন্টাত ২০জন ভক্তই দৰ্শন কৰিব পাৰিব।অন্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক ১০ জন লোকৰ সমাগমৰ অনুমতি দিয়া হৈছে। ৰিজৰ্ট, হোটেল, ধাবা, বাৰ আদি ৫০ শতাংশ লোকেৰে চলাব পাৰিব।চিনেমা হল অৱশ্যে বন্ধ থাকিব।এম বি বিএছ, বিএছচি নাৰ্ছিং, ইঞ্জিনিয়াৰিং, জিএনএমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান আৰম্ভ হ’ব।অৱশ্যে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে দুই পালিকৈ কোভিড ভেকচিন ল’ব লাগিব।দুই পালি কোভিড ভেকচিন লোৱা ব্যক্তি আৰু লগত অন্তিম টেষ্টিঙৰ চাৰ্টিফিকেট আনিলে বিমান বন্দৰত বেলেগকৈ টেষ্টিং কৰিব নালাগে।এপালি ভেকচিন লৈ আৰু এপালি ল’বলৈ কেইদিনমান বাকী থকা লোকেও আহিব পাৰিব চৰকাৰী কাৰ্যালয়লৈ।৩ বছৰ বা তাৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব।আজি ভাদ মাহৰ সংক্ৰান্তিৰ দিন।সেয়ে আজিৰ পৰাই ৰাজ্যৰ সকলো নামঘৰ মুকলি হ’ব।নামঘৰত ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। নামঘৰতো সামাজিক দূৰত্ব মানি চলিব লাগিব৷ উল্লেখযযোগ্য যে বিদ্যালয়,মহাবিদ্যালয় খোলা সম্পৰ্কত কোনো নিৰ্দেশনা নাই নতুন এছ অ’ পিত৷আকৌ আন জিলাৰ লগত গুৱাহাটীৰ যাতায়ত বন্ধ থকা কথাটোৱে অসুবিধাৰ সৃষ্টি কৰিব যে এয়া নিশ্চিত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0