66
নাওকাটাঃ বাগসাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং ডোঙাৰ গাঁৱত কণমানি বনৰীয়া হাতী পোৱালী উদ্ধাৰ হৈছে। প্ৰায় ডেৰ মাহ মান বয়সৰ এই পোৱালিটো পুঠিমাৰী নৈৰ প্ৰৱল সোঁতত উঁটি অহা অৱস্থাত পুৱা ৬ মান বজাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।
তামুলপুৰ বনাঞ্চলিকক খবৰ দিয়াৰ পিছতো বৰ্তমানেও উপস্থিত হোৱা নাই বন বিভাগৰ কোনো লোক। যাৰ বাবে হাতী পোৱালিটোক লৈ স্থানীয় ৰাইজ বিপাঙত পৰিছে।