নতুন দিল্লীঃ সোমবাৰৰপৰা দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ প্ৰাকক্ষণত কংগ্ৰেছৰ আত্মবিশ্বাস অধিক হোৱা দেখা গৈছে৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত চলোৱা চি ভোটাৰ সমীক্ষাই ৰাজস্থান, মধ্যপ্ৰদেশ আৰু তেলেংগানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ইংগিত দিছে৷ ইফালে, চত্তীশগড় আৰু মিজোৰামত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল যুঁজ হোৱাৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰিছে সমীক্ষাটোত৷
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ উভয়েই মৰোঁ-জিওঁ-সোঁ-আধিকৈ লাগি পৰিছে৷