স্নাতক শাখাত নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ে পাতিব প্ৰৱেশ পৰীক্ষা

Home অন্যান্য খবৰস্নাতক শাখাত নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ে পাতিব প্ৰৱেশ পৰীক্ষা

স্নাতক শাখাত নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ে পাতিব প্ৰৱেশ পৰীক্ষা

by News Desk
69 views
A+A-
Reset

গুৱাহাটী,০৩ আগষ্ট : পৰীক্ষাৰ ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা অভিভাৱক আৰু শিক্ষাৰ্থীসকল ব্যস্ত হৈ পৰিছে উউচ্চশিক্ষাৰ নামভৰ্তিৰ বাবে।উত্তীৰ্ণৰ অনুপাতে মহাবিদ্যালয়ৰ আসনৰ অনুপাত কম হোৱাৰ বাবেই চিন্তিত হৈছে অভিভাৱক আৰু শিক্ষাৰ্থীসকল।পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ফলাফল ঘোষণা কৰা বাবেই বহু মহাবিদ্যালয়ে নিজাকৈ অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিহে নামভৰ্তি কৰাৰ চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে।ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়(পূৰ্বৰ কটন মহাবিদ্যালয়)ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হ’ব লাগিব প্ৰৱেশ পৰীক্ষাত ৷ এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে৷ সংবাদমাধ্যমক তেও জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত নামভৰ্তি কৰা নহয় ৷ নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ – ছাত্ৰীসকলৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব প্ৰৱেশ পৰীক্ষা ৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে কটনত নামভৰ্তিৰ সুযোগ লাভ কৰিব ৷ অৱশ্যে, উচ্চতৰ মাধ্যমিকত ছেবা বা চিবিএছইয়ে প্ৰদান কৰা নম্বৰৰ ভিত্তিতে নামভৰ্তি হ’ব ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0