ডিজিটেল ডেস্ক,২১ চেপ্টেম্বৰঃ হঠাৎ সাৰ পালে অসম আৰক্ষীয়ে।মাজনিশা আৰম্ভ হ’ল মাটিৰ দালালৰ বিৰুদ্ধে মহাঅভিযান৷কিছুদিন পূৰ্বেই ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়সমূহৰ পৰা মাটিৰ দালালসকলক গামোচা পিন্ধাই বিদায় দিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত দালালৰাজ শেষ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো অব্যাহত আছিল দালালৰ দপদপনি। যাৰ পৰিণতিত সোমবাৰে নিশা ৰাজ্যজুৰি আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে দালালৰ বিৰুদ্ধে চলালে অভিযান।
২০ চেপ্টেম্বৰৰ মাজনিশা কেইবাখনো জিলাত আকস্মিকভাৱে অভিযান চলাই আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে মুঠ ৪৫৩টা দালাল। এই দালালসকলৰ ভিতৰত আছে কেইবাজনো ৰাজনৈতিক নেতা তথা বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি অসম আৰক্ষীৰ এই বৃহৎ অভিযানৰ বাবে ধন্যবাদ জনায় আৰু পুনৰ দালালসকলক সকীয়াই দিয়ে।
উল্লেখ্য যে গুৱাহাটী, কামৰূপ, নগাঁও, ধুবুৰী, হোজাই, ডিব্ৰুগড়, বঙাইগাঁও, যোৰহাট, হাজো, চামগুৰি, ৰূপহীহাট, গৌৰীপুৰ আদিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মাজনিশা দালালৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে।