Home অন্যান্য খবৰ১০০ দিনীয়া চৰকাৰৰ ৰাইজলৈ উপহাৰৰ বন্যা

১০০ দিনীয়া চৰকাৰৰ ৰাইজলৈ উপহাৰৰ বন্যা

by News Desk
71 views
A+A-
Reset

ডিজিটেল ডেস্ক,২১ জুলাইঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য
চৰকাৰৰ ১০০ দিনীয়া বৰ্ষপূৰ্তিৰ বাবে ৰাজ্যিক কেবিনেটত বহুতো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জী৷ইয়োৰোপৰি আগন্তুক বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব।ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব পাঠদান। এই ব্যৱস্থাৰ বাবে বিদ্যালয় একত্ৰিকৰণ আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। ছেবা আৰু কাউন্সিলো একত্ৰিকৰণ কৰা হ’ব।হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে সিদ্ধান্ত।সংবাদ মেলত এই বিষয়ে অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে।আন্তঃৰাজিলা, আন্তঃৰাজ্যিক বাছ চলাচল বন্ধৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বাছ চালক। সেয়েহে বাছ চালক আৰু হেণ্ডিমেনক ৰাজ্য চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য।বাছৰ চালক হেণ্ডিমেনক প্ৰদান কৰা হ’ব ১০,০০০ কৈ টকাৰ আৰ্থিক সাহায্য। এই সাহায্য প্ৰদানৰ বাবে এটা প্ৰ’ৰ্টেল খুলিব চৰকাৰে। মন্দিৰৰ পূজাৰী আৰু নামঘৰীয়াক ১৫ হাজাৰ কৈ টকা দিব চৰকাৰে। পদ পথৰ ব্যৱসায়ীকো অতি সোনকালে দিব সাহায্য। ৰাজ্য চৰাকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0