ডিজিটেল ডেস্ক,২২ আগষ্টঃ বিগত প্ৰায় দুটা বছৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন সোৱৰাই থকা কোভিড ভাইৰাছৰ তৃতীয় ঢৌৰ আশংকাই চিন্তিত কৰি তুলিছে সকলোকে৷ এইক্ষেত্ৰত নীতি আয়োগৰ সদস্য ভি কে পলে যোৱা মাহত কোৰোনা সংক্ৰমণৰ মোকাবিলা কৰিবলৈ চৰকাৰক কিছু পৰামৰ্শ আগবঢ়াইছিল। ইয়াত কোৱা হৈছে যে ভৱিষ্যতে প্ৰতি ১০০টা কোৰোনা সংক্ৰমণৰ ভিতৰত ২৩গৰাকী ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰত প্ৰকাশিত এক বাতৰি অনুসৰি, নীতি আয়োগে ইয়াৰ আগতে ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয় ঢৌক লৈ সতৰ্কবাণী শুনাইছিল। সংস্থাটোৱে ২০ শতাংশ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব বুলি উল্লেখ কৰিছিল যদিও এই সংখ্যা পৰৱৰ্তী সময়ত অধিক হোৱা দেখা গৈছিল৷ কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ পিছত পৃথকে বৃহৎ সংখ্যক চিকিৎসালয়ৰ বিছনাৰ পৰামৰ্শ দিয়া হৈছিল এই বছৰৰ এপ্ৰিল-জুনত দেখা কোভিড–১৯ সংক্ৰমণৰ ওপৰত ভিত্তি কৰি।