মৰিধল মহাবিদ্যালয়ৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতাই মৃত্যুৰে যুজিছে আই চি ইউত

Home অন্যান্য খবৰমৰিধল মহাবিদ্যালয়ৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতাই মৃত্যুৰে যুজিছে আই চি ইউত

মৰিধল মহাবিদ্যালয়ৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতাই মৃত্যুৰে যুজিছে আই চি ইউত

by News Desk
81 views
A+A-
Reset

ডিজিটেল ডেস্ক,২৪ আগষ্টঃ হঠাতে খবৰৰ কেন্দ্ৰবিন্দু হৈ পৰিল ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়৷বৈদু্তিন মাধ্যম,সামাজিক মাধ্যম অথবা খবৰ কাগজত অকল মৰিঢল মহাবিদ্যালয়ৰ চৰ্চা৷চৰ্চা কোনো উল্লেখযোগ্য সফলতাৰ বাবে নহয়৷এজন মানুহৰূপী দানৱ ৰিণ্টু শৰ্মাৰ কুকৰ্মই বিগত কিছুদিন খবৰৰ কেন্দ্ৰবিন্দুত ৰাখিছে৷উল্লেখযোগ্য যে ৰিণ্টু শৰ্মা হ’ল মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী৷ মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ বিয়েৰাৰ হিচাবে কৰ্মৰত ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকী৷নন্দিতাৰ লগতে আন এগৰাকী ছাত্ৰীকো দাৰে ঘপিয়াই আহত কৰিছিল ধৃত ৰিণ্টু শৰ্মাই৷ বৰ্তমান ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নার্ছিংহোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে ছাত্রীগৰাকীয়ে৷

চিকিৎসালয়খনৰ ভেন্টিলেচন কক্ষত যোৱা প্ৰায় ২৪ ঘণ্টা ধৰি নিথৰ হৈ পৰি আছে নন্দিতা।বর্তমান অচেতন হৈ আছে নন্দিতা৷প্রচুৰ ৰক্তক্ষৰণৰ বাবে ছাত্রীগৰাকীক দিবলগীয়া হৈছে যথেষ্ট পৰিমাণৰ তেজ৷ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ চিকিৎসকে চলাইছে আপ্রাণ চেষ্টা৷ছাত্রী নন্দিতা শইকীয়া চিকিৎসাধীন হৈ থকা নার্ছিংহোমৰ চিকিৎসকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বর্তমানে ছাত্রীগৰাকী ক’মা অৱস্থাত আছে৷ সেয়ে ভেণ্টিলেচন ব্যৱস্থাত ৰখা হৈছে৷ শৰীৰৰ বিশেষ পৰিৱর্তন হোৱা নাই যদিওঁ সকলো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা বুলি চিকিৎসকে সদৰী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0