newsnextone.com । কাজিৰঙাঃ  ১৯৮৬ চনত পথাৰৰ কবি খ্যাত ৰাম গগৈয়ে প্ৰতিষ্ঠা কৰা সদৌ অসম কবি সন্মিলনে ৩২ বছৰত ভৰি দিব অহা ৬ চেপ্তম্বৰত। ৬ চেপ্তম্বৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবেলি কেন্দ্ৰীয়ভাবে তেজপুৰৰ ঐতিহ্য মণ্ডিত  ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাসগৃহ পকীত শোনিতপুৰ জিলা কবি সন্মিলনে সমুহ শাখাৰ সহযোগত পালন কৰিব ।

কালি তেজপুৰৰ বাৰহলীয়াত অনুষ্ঠিত জিলা সন্মিলনৰ মাহেকীয়া বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধন্ত গ্ৰহণ কৰা হয় । জিলা সন্মিলনৰ সভাপতি ডাঃ হৰেন শইকীয়াৰ পৌৰহিতত অনুষ্ঠিত বৈঠকত প্ৰতিষ্ঠা দিৱসৰ ৫০ হাজাৰ টকাৰ এখন আনুমানিক বাজেটো গ্ৰহণ কৰা হয় ।

জিলা সম্পাদক অপুৰ্ব বৰাই আঁতধৰা অনুষ্ঠানত  বিশিষ্ট কবি তৰুন বৰুৱা, খগেন কোচ, বাণী কান্ত দাস, সদানন্দ দাস, নৰহৰি চুতীয়া, দিপালী গোস্বামী মহন্ত, গীতা শইকীয়া, কল্পনা লহকৰ,উপাসনা শৰ্মা,ফাৰহান জাবেদ উপস্থিত থকা বৈঠকৰ প্ৰাক্ মুহুত্বত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ "উচ্চতা" শীৰ্ষক কবিতা দিপালী গোস্বামী মহন্তই আবৃত্তি কৰাৰ লগতে দীপশিক্ষা বৰাই বৰগীত, অনুস্মিতা দাসে গীত, স্বপন মিত্ৰই গীত আৰু জেষ্ঠ সদস্য খগেন কোচে লিমাৰিক কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে ।