newsnextone.com । কাজিৰঙাঃ ১৯৮৬ চনত পথাৰৰ কবি খ্যাত ৰাম গগৈয়ে প্ৰতিষ্ঠা কৰা সদৌ অসম কবি সন্মিলনে ৩২ বছৰত ভৰি দিব অহা ৬ চেপ্তম্বৰত। ৬ চেপ্তম্বৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবেলি কেন্দ্ৰীয়ভাবে তেজপুৰৰ ঐতিহ্য মণ্ডিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাসগৃহ পকীত শোনিতপুৰ জিলা কবি সন্মিলনে সমুহ শাখাৰ সহযোগত পালন কৰিব ।
কালি তেজপুৰৰ বাৰহলীয়াত অনুষ্ঠিত জিলা সন্মিলনৰ মাহেকীয়া বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধন্ত গ্ৰহণ কৰা হয় । জিলা সন্মিলনৰ সভাপতি ডাঃ হৰেন শইকীয়াৰ পৌৰহিতত অনুষ্ঠিত বৈঠকত প্ৰতিষ্ঠা দিৱসৰ ৫০ হাজাৰ টকাৰ এখন আনুমানিক বাজেটো গ্ৰহণ কৰা হয় ।