ডিজিটেল ডেস্ক,৪ ছেপ্টেম্বৰঃৰাজ্যখনত ক’ভিড পৰিস্থিতি উন্নত হোৱালৈ চাই পৰ্যায়ক্ৰমে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুস্থানসমূহ খুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ এই নতুন পৰিপূৰক এছ অ’ পি অনুসৰি যিসমূহ জিলাত ক’ভিড আক্রান্তৰ হাৰ ২ শতাংশৰ তললৈ হ্রাস পাইছে, সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী প্রতিষ্ঠানসমূহৰ পাঠদান নিয়মীয়া কৰাৰ অনুমতি প্রদান কৰা হৈছে৷ যদিহে এই জিলাসমূহত আক্রান্তৰ হাৰ ২ শতাংশ অতিক্রম কৰে, তেনেহ’লে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি শিক্ষা প্রতিষ্ঠানসমূহ বন্ধ কৰিব পাৰিব৷ অৱশ্যে ২ শতাংশৰ আক্রান্তৰ হাৰলৈ হ্রাস পালে পুনৰ এই শিক্ষা প্রতিষ্ঠানসমূহ খুলিব পাৰিব৷ প্রথম শ্রেণীৰ পৰা একাদশ শ্রেণীৰ লগতে কলেজ আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য ষাণ্মাসিকসমূহৰ পাঠদান পৰৱর্তী নির্দেশনা নিদিয়া পর্যন্ত বন্ধ থাকিব৷ এইক্ষেত্রত অনলাইন অথবা ভার্চুৱেল মাধ্যমৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ পৰামর্শ প্রদান কৰা হৈছে৷
আনহাতে, সম্পূর্ণৰূপে ভেকচিন লাভ কৰা শিক্ষার্থীসকলেহে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা হোষ্টেলত থাকিব পাৰিব৷ সেইদৰে নিয়মীয়া পাঠদানত উপস্থিত থাকিবলৈ হ’লে শিক্ষার্থীসকলে এটা হ’লেও ভেকচিন ড’জ ল’ব লাগিব৷ অৱশ্যে দ্বাদশ শ্রেণীত অধ্যয়নৰত ১৮ বছৰৰ অনূর্ধ্বৰ শিক্ষার্থীসকলক ভেকচিন নল’লেও নিয়মীয়া পাঠদানত অনুমতি প্রদান কৰিব পাৰিব সংশ্লিষ্ট শিক্ষা প্রতিষ্ঠানসমূহে৷ একেদৰে এটা শাখাত ৩০জনকৈ অধিক শিক্ষার্থী থাকিব নোৱাৰিব৷ সেয়েহে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে শিক্ষার্থীৰ সংখ্যা অনুসৰি শাখা খুলিব লাগিব৷ প্রতি সপ্তাহৰ মূৰে মূৰে শিক্ষা প্রতিষ্ঠানসমূহ ছেনিটাইজ কৰিব লাগিব৷ স্কুল পৰিচালনা সমিতি, সংশ্লিষ্ট জিলাখনৰ উপায়ুক্ত, বিদ্যালয় পৰিদর্শক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ যুটীয়া তত্ত্বাৱধানত এই ছেনিটাইজ প্রক্রিয়া সম্পন্ন কৰিব লাগিব৷ যিহেতু দ্বাদশ শ্রেণীৰ অধিকাংশ শিক্ষার্থীৰে বয়স ১৮ বছৰৰ তলত, সেয়েহে তেওঁলোকক অধিক যত্ন ল’বলৈ এই নতুন এছ অ’ পিত পৰামর্শ প্রদান কৰা হৈছে৷