72
নলবাৰীঃ নলবাৰী জিলাৰ এটি বৃহত্তৰ অঞ্চল বৰভাগ। মুঠ ৫৪খন গাঁৱৰে পৰিৱেষ্টিত এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক নিৰাপত্তা দিছে মাত্র ১৬জন আৰক্ষীয়ে।
১৯৬৬ চনতে অঞ্চলটোৰ কমাৰকুছিত স্থাপিত কমাৰকুছি আৰক্ষী চকীত নাই প্ৰয়োজনীয় আৰক্ষীৰ লোক৷ সম্প্ৰতি চকীটোত এজন উপ-পৰিদৰ্শক, এজন সহঃউপ-পৰিদৰ্শক,পাঁচগৰাকী কনিষ্টবল আৰু আঠজন গৃহৰক্ষীৰ জোৱানসহ মুঠ ১৬জন আৰক্ষীৰ লোক দায়িত্বত নিয়োজিত হৈ আছে৷