64
গুৱাহাটীঃ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে ৰাজ্যখনৰ ১৯জনীয়া এটা সাংবাদিকৰ দলে অহা ৫ মাৰ্চত গুজৰাট অভিমুখে ৰাওনা হ’ব।
ৰাজ্যখনৰ মফচলীয়া সাংবাদিকৰ দলটোৱে এই ভ্ৰমণ কালত গুজৰাটৰ বিভিন্ন ঐতিহাসিক ক্ষেত্ৰ, সংবাদ প্ৰতিষ্ঠান, ঔদ্যোগিক ক্ষেত্ৰ পৰিৰ্দশন কৰাৰ লগতে গুজৰাটৰ স্থানীয় সাংবাদিক আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, জনসংযোগ মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব।