ডিমৌঃ শিৱসাগৰ জিলাৰ ডিমৌ বকতা নেমুগুৰি দিউৰীটিং ফেকেলনী গাঁৱৰ দুটি কণমানি শিশুৰ লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে বিয়লি ফেকেলানী গাঁৱৰ নলনীৰ মাজত ছিন্ন-ভিন্ন, ক্ষত-বিক্ষত অৱস্থাত গাঁওখনৰ ৰমেশ বাউৰী আৰু মনোজ বাউৰী নামৰ শিশু দুটিৰ মুণ্ডচ্ছেদ কৰাৰ লগতে পৈশাচিক বৰ্বতাৰে টুকুৰা-টুকুৰকৈ কাটি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল। এইদৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত পঢ়ি থকা নিষ্পাপ শিশু দুটিক একপ্ৰকাৰ বলি দিয়াতে ক্ষান্ত নাথাকি হত্যাকাৰীয়ে নিষ্ঠুৰতাৰ সীমা অতিক্ৰমি জ্বলাই দিছিল মৃতদেহ।
উল্লেখ্য যে, ১৭ ফেব্ৰুৱাৰীতে নিৰুৰ্দিষ্ট হোৱা শিশু দুটাৰ মৃতদেহৰ অংশসমূহ বৃস্পতিবাৰে নলনিৰ মাজত স্হানীয় লোকে পৰি থকা প্ৰত্যক্ষ কৰে। যাৰবাবে বকতা-নেমুগুৰি আৰক্ষী থানাৰ লগতে শিৱসাগৰ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আৰু প্ৰতিবাদ এতিয়াও অব্যাহত আছে। আৰক্ষীৰ সৈতে ক্ষুদ্ধ লোকৰ তুমুল খণ্ডযুদ্ধ, হতাহতিৰ ঘটনা সংঘটিত হেৱাৰ পিছত শিশু হত্যাত জড়িত একে গাঁৱৰে ভাইকণ মুৰাৰাক বৃহস্পতিবাৰেই বিয়লি নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতো পৰিস্হিতি উত্তপ্ত হৈ ৰয়।