ছিউলঃ ছেমছাংগ ইলেক্ট্ৰনিকছে বিশ্বৰ প্ৰথমটো পঞ্চম প্ৰজন্মৰ (5G) স্মাৰ্ট ফ’ন মুকলি কৰে৷ শুকুৰবাৰে galaxy S10 5G নামৰ ফ’নটো বজাৰত মুকলি কৰি দিয়াৰ লগে লগে দক্ষিণ কোৰিয়া এই সেৱাত বিশ্বত প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল৷
5gৰ নেটৱৰ্কৰ গতি ইমানেই দ্ৰুততৰ যে এখন সম্পূৰ্ণ চিনেমাত ১ ছেকেণ্ডতকৈ কম সময় ভিতৰতে ডাউণলোড কৰিব পৰা যায়৷ এই সেৱাৰ ফলত ইন্টাৰনেটত ব্যৱহাৰকাৰীয়ে অযথা সময় ব্যয় কৰিবলগীয়া নহ’ব৷
5gৰ গৱেষক লী ছাং-য়ুনে কয় যে ইন্টাৰনেটৰ এই স্পীডত মানুহে ‘বাস্তৱ’ সময়তে ভাৰ্ছুৱেল জগতত বিচৰণ কৰিব পাৰিব৷