ৰঙিয়াঃ সেনা-আৰক্ষীয়ে আটক কৰা সন্দেহজনক ছয়গৰাকী এনডিএফবি সদস্যক লৈ সৃষ্টি হৈছে ৰহস্য। মহানগৰীৰ জালুকবাৰীৰ পৰা বুধবাৰে সেনা-আৰক্ষীয়ে অভিযান চলাই আটক কৰা এনডিএফবিৰ সদস্যৰ ভাষ্য আৰু প্ৰশাসনৰ বিপৰীত ভাষ্যই ৰহস্যৰ সৃষ্টি কৰিছে।
সেনা-আৰক্ষীয়ে যুৱককেইজনক আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই। বুধবাৰে জালুকবাৰীত সন্দেহজনক পাঁচ যুৱকক সেনা আৰু আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে ৰঙিয়াৰ মৰাণজানাত আটক কৰিছিল এনডিএফবিৰ কেডাৰ বিদ্যাৰাম ওৰফে অজলা ওৰফে বি মুদৈক।