কোকৰাঝাৰঃ কলকাতাৰ পৰা আগৰতলালৈ কঢ়িয়াই নি থকা অৱস্থাত বগৰীবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে ৪৮০০০ বটল ক’ৰেক্স কাফ চিৰাপ জব্দ কৰাৰ লগতে আন এক অভিযানত বগৰীবাৰীতে অবৈধভাৱে কঢ়িয়াই নিয়া অৱস্থাত ৭০ টা গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া অভিজিৎ গৌৰৱৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী দল এটাই বগৰীবাৰীত তিনিখন ট্ৰাকৰে অবৈধভাৱে কঢ়িয়াই নি থকা অৱস্থাত ৭০ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।