Printer-friendly version

নতুন দিল্লীঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ আজি অৰ্থাৎ শনিবাৰে জন্মদিন। জন্মদিনৰ দিনাই ৰণবীৰ সিঙে টুইটাৰত আপলোড কৰিলে অভিনেতাগৰাকীৰ  বহুচৰ্চিত ‘83’ নামৰ ছবিখনৰ ফাৰ্ষ্ট লুক৷

বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা ‘83’ ছবিখন ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী, ৮৩ ৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত। 

ৰণবীৰে ছবিখনৰ প্রথম আপলোড কৰাৰ লগে লগে এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ছবিখনত কপিল দেৱৰ দৰে প্ৰায় একেই দেখাইছে ৰণবীৰ সিঙক। 

ছবিখনত ৰণবীৰৰ বিপৰীতে অভিনয় কৰিছে তেওঁৰ পত্নী তথা বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণে।