লছ এঞ্জেলছঃ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৫.৩০ত অনুষ্ঠিত হ’ব চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মানীয় অস্কাৰ প্ৰদান অনুষ্ঠান। ৮৯ সংখ্যক অস্কাৰ ঘোষণালৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে ৰায়ান গোছলিং, কেছী এফলেক, এমা ষ্ট’ন, নিক’ল কিডমেন, মেৰিল ষ্ট্ৰীপ আৰু মেল গিবছনৰ দৰে কেবাগৰাকী নামী-দামী তাৰকাই। একেদৰে সেই বিশেষ মুহূৰ্তত কাৰ ওঁঠত শেষ হাঁহি বিৰিঙিব সেয়া জানিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে সমগ্ৰ বিশ্বৰ চলচিত্ৰ প্ৰেমী।
এইবাৰ অকাডেমি এৱাৰ্ডচ হ’ষ্ট কৰিব জিম্মী কিম্মেল লাইভ শ্ব’ৰ হ’ষ্ট জিম্মী কেমেলে। উল্লেখ্য যে এইবাৰৰ এম্মি আৰু গ’ল্ডেন গ্ল’বচ এৱাৰ্ডচো কিম্মেলে হ’ষ্ট কৰিব।