লছ এঞ্জেলছঃ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৫.৩০ত অনুষ্ঠিত হ'ব চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মানীয় অস্কাৰ প্ৰদান অনুষ্ঠান। ৮৯ সংখ্যক অস্কাৰ ঘোষণালৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে ৰায়ান গোছলিং, কেছী এফলেক, এমা ষ্ট’ন, নিক’ল কিডমেন, মেৰিল ষ্ট্ৰীপ আৰু মেল গিবছনৰ দৰে কেবাগৰাকী নামী-দামী তাৰকাই। একেদৰে সেই বিশেষ মুহূৰ্তত কাৰ ওঁঠত শেষ হাঁহি বিৰিঙিব সেয়া জানিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে সমগ্ৰ বিশ্বৰ চলচিত্ৰ প্ৰেমী। 

এইবাৰ অকাডেমি এৱাৰ্ডচ হ’ষ্ট কৰিব জিম্মী কিম্মেল লাইভ শ্ব’ৰ হ’ষ্ট জিম্মী কেমেলে। উল্লেখ্য যে এইবাৰৰ এম্মি আৰু গ’ল্ডেন গ্ল’বচ এৱাৰ্ডচো কিম্মেলে হ’ষ্ট কৰিব।

ভাৰতীয় চলচিত্ৰপ্ৰেমীসকলে অনুষ্ঠানত দেখা পাব পাৰে চিনাকি মুখ। বিশেষ অভিনয়েৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা মোহময়ী ভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ো খোজ দিব ৰেড কাৰ্পেটত। দীপিকা পাডুকনৰ উপস্থিতিক লৈ বাতৰি ওলাইছিল যদিও অনুৰাগীৰ বাবে নিৰাশজনক খবৰ যে অনুষ্ঠানত উপস্থিত নাথাকিব অভিনেত্ৰীগৰাকী।

ভাৰতীয় চলচিত্ৰ ৰসিকসকলৰ শ্লামডগ মিলিয়নাৰত অভিনয় কৰা দেৱ পেটেললৈ নিশ্চয় মনত আছে। এইগৰাকী পেটেল মনোনীত হৈছে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ শাখাত। পেটেল অভিনীত লায়ন ছবিখন মনোনীত হৈছে শ্ৰেষ্ঠ ছবিৰ শাখাত।পেটেলৰ শৈশৱৰ ভূমিকাত অভিনয় কৰা চানি পাৱাৰকো দেখা যাব পাৰে অনুষ্ঠানত।

অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জাষ্টিন টিম্বাৰলেক, ১৭ বাৰকৈ গ্ৰেমী পোৱা ষ্টিং, সংগীত জগতত ১৩ টাকৈ সৰ্বোচ্চ সন্মান বুটনা জন লিজেণ্ডে গীতেৰে আপোনাৰ মন মুহিবলৈ সাজু হৈ আছে।

আগ্ৰহীসকলে সমগ্ৰ অনুষ্ঠানটো Hotstar.com ত অনলাইনযোগে উপভোগ কৰিব পাৰে। টুইটাৰত খবৰ পাবৰ বাবে ফলো কৰিব পাৰে #Oscars আৰু #TheAcademy

চকুৰ পচাৰতে মনোনীতৰ তালিকাঃ 

শ্ৰেষ্ঠ ছবিঃ

এৰাইভেল
ফেন্সেছ
হেকছ’ ৰিজ
হেল অৰ হাই ৱাটাৰ
হিডেন ফিগাৰ্ছ
লা লা লেণ্ড
লায়ন
মানচেষ্টাৰ বাই দা চী
মুনলাইট

শ্ৰেষ্ঠ পৰিচালকঃ

ডেনিছ ভিলেনিউভ (এৰাইভেল)
মেল গিবচন (হেকছ’ ৰিজ)
ডেমিয়েন চেজেল (লা লা লেণ্ড)
কেনেথ লনৰেগেন (মানচেষ্টাৰ বাই দা চী)
বেৰী জেনকিন্স (মুনলাইট)

শ্ৰেষ্ঠ অভিনেতাঃ

ৰায়ান গ’ছলিং (লা লা লেণ্ড)
কেছি এফলেক (মানচেষ্টাৰ বাই দা চী)
এণ্ড্ৰিউ গেৰফিল্ড (হেকছ’ ৰিজ)
ভিগ’ মৰ্টেনসেন (কেপ্টেইন ফেন্টাষ্টিক)
ডেনজেল ৱাশ্চিংট’ন (ফেন্সেছ)

শ্ৰেষ্ঠ অভিনেত্ৰীঃ

এমা ষ্ট’ন (লা লা লেণ্ড)
নাটালে প’ৰ্টমেন (জেকী)
এমি এডামচ (এৰাইভেল)
মেৰিল ষ্ট্ৰীপ (ফ্ল’ৰেন্স ফ’ষ্টাৰ জেনকিন্স)
ইজাবেল হাপাৰ্ট (এলে)

শ্ৰেষ্ঠ বিদেশী ছবিঃ

লেণ্ড অব মাইন
এ মেন কলড অ’ভ
দা চেলচমেন
টান্না
টৰি এৰ্ডেমেন