বোকাজানঃ পাহাৰীয়া ৰাজ্য গঠনৰ দাবীত দিল্লী অভিমুখে ৰাওনা হৈছে ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীয় সংগঠন৷ বিগত কেইবাবছৰ ধৰি সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা জনগোষ্ঠীয় সংগঠন কেইটাই সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷
অসমৰ দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাক স্বায়ত্ব শাসিত ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত জিলা দুখনৰ কেইবাটাও আঞ্চলিক দল, ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ লগতে সাধাৰণ ৰাইজে বিগত কেইবা বছৰ ধৰি অবিৰতভাবে আন্দোলন কৰি আহিছে যদিও এই দাবীক কেন্দ্ৰীয় চৰকাৰে আজিকোপতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷