ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী কুটাঘাতৰ ক্ষেত্ৰত ইৰাক আৰু আফগানিস্থানৰ পিছতে নাম আছে ভাৰতৰ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সদ্য প্ৰকাশিত এক প্ৰতিবেদন মতে ২০১৬ চনত বিশ্বৰ সন্ত্ৰাসবাদী কুটাঘাত আটাইতকৈ বেছি সংঘটিত হোৱা দেশৰ তালিকাত উক্ত দেশ দুখনৰ পিছতে আছে ভাৰতৰ নাম৷
উল্লেখ্য যে এই স্থানত পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ নাম আছিল৷ দেশখনত সন্ত্ৰাসবাদী কুটাঘাতৰ ফলত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত লোকৰ সংখ্যাৰ ফালৰ পৰা তৃতীয় স্থানলৈ উন্নীত হৈছে ভাৰত৷ মাৰ্কিন ৰাজ্যিক দপ্তৰে তৈয়াৰ কৰা তথ্যত এই কথা প্ৰকাশ৷