চিচিবৰগাঁওঃ এগৰাকী অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰ নেতাই তৰিলে গোচৰ৷ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচৰাত সময় মতে নিদিয়াত গোচৰ তৰে ছাত্ৰ নেতাগৰাকীয়ে৷ সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে চিলা পথাৰ পূৰ্বাঞ্চল মহাবিদ্যালয়ৰ অধ্যক্ষ ৰজ কুমাৰ কুটুমৰ বিৰুদ্ধে চিলাপথাৰ থানাত গোচৰ তৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ বিত্ত সম্পাদক সুশীল চুতীয়াই তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ অধীনত মহাবিদ্যালয়খনৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক জলপানিৰ সমূহ তথ্য বিচাৰি আজিৰ পৰা দুমাহ পূৰ্বে আবেদন কৰিছিল।