বিশ্বনাথ চাৰিআলিঃ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এছএফআই অসমৰ ৰাজ্যিক শিক্ষা শিবিৰৰ আজি সামৰণি পৰিব৷ শনিবাৰে বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত আলোচনা চক্ৰৰ মাজেৰে আৰম্ভ হৈছিল এই শিবিৰ। শিক্ষা শিবিৰ উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা প্ৰয়াত বামপন্থী নেতা পূৰ্ণ হাজৰিকাৰ জ্যেষ্ঠ কন্যা মিতা হাজৰিকাই।
দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰা আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে ডঃ বিক্ৰম সিং। তেওঁ ভাষণত শিক্ষাক কি ধাৰণাৰে এক ব্যৱসায়লৈ ৰূপান্তৰ কৰা হৈছে , মাতৃ ভাষাৰ শিক্ষানুষ্ঠান সমূহ চক্ৰান্তমূলক ভাৱে ধংস কৰা হৈছে আৰু কেন্দ্ৰীয়কৰণৰ মাজেৰে শিক্ষানুষ্ঠান সমূহ ধ্বংস কৰা হৈছে, সেয়া আলোচনা কৰে।