83
গৰৈমাৰীঃ দক্ষিণ কামৰুপৰ গৰৈমাৰী অঞ্চলত সংঘটিত এক বাল্য বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ উক্ত বাল্য বিবাহক লৈ আদালতৰ দ্বাৰস্থ হৈছে বাল্যবিবাহৰ বলি হোৱা অষ্টম শ্ৰেণীত অধ্যয়নৰ কিশোৰী গৰাকীৰ পৰিয়ালৰ লোক৷
বাল্যবিবাহ কৰা অভিযুক্ত যুৱকজনৰ লগতে আদালতত ভূৱা নথিৰ সহায়ত বিবাহ পঞ্জীয়ন কৰা অধিবক্তাৰ বিৰুদ্ধে ইতিমধ্যে আদালতত গোচৰ ৰজু কৰা হৈছে৷