কোৱা হয় শ্মশান বা সমাধি হেনো পৱিত্ৰ ভূমি য’ত মানৱ জীৱনৰ বাহ্যিকতাৰ অন্ত পৰে। প্ৰকৃততে গতিশীল জীৱনৰ অন্তিম স্থান তথা জীৱদেহৰ পাৰ্থিব অস্তিত্ব বিলোপ হোৱা ঠাইডোখৰেই শ্মশান। পাৰ্থিব দেহ বিলীন হোৱাৰ সমান্তৰালভাৱে শ্মশানতে বিলীন হৈ পৰে আত্ম অহংকাৰ, ধন ঐশ্বৰ্য্য, বিভূতি। সকলোৰে শেষ আশ্ৰয় শ্মশানেই আৰু সেয়ে হয়তো শ্মশানৰ প্ৰতি আমাৰ এক অহেতুক টান আছে।
সাধাৰণতে শ্মশানক লৈ কোনো বিতৰ্ক নহয় যদিও সম্প্ৰতি অসহিষ্ণুতাৰ বাবে শ্মশানক লৈ বিভিন্ন বিতৰ্ক হৈছে আৰু কাকতৰ শিৰোনামাও দখল কৰিছে যিটো সভ্য সমাজৰ বাবে নিতান্তই দূৰ্ভাগ্যজনক। নিম্নগামী মানসিকতা, অসহিষ্ণুতা, ভাতৃত্ববোধ বিলোপ পোৱা আৰু জাতিভেদ প্ৰৱণতাই আমাৰ সাতামপুৰুষীয়া ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বিনষ্ট কৰিছে। পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছে যে এখন ৰাজহুৱা শ্মশানত ভিন্ন সম্প্ৰদায়ৰ শেষকৃত্য বাৰণ কৰা হৈছে। মৃতদেহৰ প্ৰতি দেখুওৱা এই অসহিষ্ণুতা নিশ্চয়কৈ চিন্তাৰ বিষয় হৈ পৰিছে।