ডিজিটেল ৰিপ’ৰ্টঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ জালভাৰী অঞ্চলৰ অগ্ৰণী সামাজিক-শৈক্ষিক অনুষ্ঠান “প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চ”ৰ বাৰ্ষিক আঁচনিৰ অন্তৰ্গত এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ সফল সামৰণিৰ অন্তত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বাৰ্ষিক অধিৱেশন আৰু সম্বৰ্ধনা সভা।
প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চৰ উদ্যোগত আৰু কলাকটা গাঁৱৰ ৰাইজৰ সহযোগত নামঘৰ প্ৰাংগণৰ কৃষ্টি বিকাশ কেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হোৱা কাৰ্যসূচীত সামূহিক চাফাইৰ পিছতেই গছপুলি ৰোপণ কৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ নৰেন্দ্ৰ নাথ দত্তই পৰিবেশ সম্পৰ্কীয় ভাষণ প্ৰদান কৰে।