92
লংকাঃ লংকা চহৰৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টঙীয়াৰ এগৰাকী বিকলাংগ বিধৱা মহিলাক বিয়া পতাৰ প্ৰলোভন দেখুৱাই প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন বিবাহিত লোকৰ বিৰুদ্ধে।
উত্থাপিত অভিযোগ অনুযায়ী বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত এতিয়া ৫ মাহৰ অন্তসত্বা হৈ পৰিছে মহিলাগৰাকী। কিন্তু এতিয়া এই মহিলাগৰাকীৰ এনে অৱস্থাত দায়িত্ব লবলৈ অস্বীকাৰ কৰিছে বিবাহিত লোকজনে।