Home ৰাজ্যজাতীয়তাবাদী যুৱ সন্মিলনৰ সম্পাদক-বিত্ত সম্পাদকক অব্যাহতি

জাতীয়তাবাদী যুৱ সন্মিলনৰ সম্পাদক-বিত্ত সম্পাদকক অব্যাহতি

by News Desk
87 views
A+A-
Reset

ডিব্ৰুগড়ঃ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বি চি পি এলৰ অন্যতম ঠিকাদাৰী প্ৰতিষ্ঠান শিৱা কনষ্ট্ৰাকচনৰ পৰা ধন দাবী কৰাৰ অভিযোগত আটক হোৱা সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি গগৈ আৰু বিত্ত সম্পাদক মিন্টু দত্তক অব্যাহতি দিয়া বুলি আজি সংগঠনটোৱে প্ৰকাশ কৰে।

সংগঠনটোৱে আজি ডিব্ৰুগড় লিটিল পেলেচত অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই কথা সদৰী কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাসে প্ৰকাশ কৰামতে ২১ জুলাই নিশা শিৱা কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হৰ্ষবৰ্ধন সিঙৰ পৰা ২০ লাখ টকা ধন দাবী কৰাৰ লগতে ইয়াৰ অগ্ৰিম ধন হিচাপে ২০ হাজাৰ টকা নিবলৈ যোৱাৰ সময়ত আটক হৈছিল সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি গগৈ আৰু মটক যুৱ-ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মাধুৰ্য্য গগৈ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0