কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ ডেকাদামৰাত ডাইনী সন্দেহত এগৰাকী ব্যাক্তিক স্থানীয় ৰাইজে মেল পাতি নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গঞাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা লোকজনক ডেকাদামৰাৰ ৰবিৰাম নাৰ্জাৰী বুলি জানিব পৰা গৈছে।
কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰবিৰাম নাৰ্জাৰীয়ে(৫২)সদৰী কৰা মতে গাঁৱৰ ৰাইজে যোৱা ১৮ জুলাইত গাঁৱৰে প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এক ৰাইজমেল পাতি তেওঁক ডাইনী বুলি অভিযুক্ত কৰি নিৰ্মমভাৱে আক্ৰমণ কৰে।